ডিজিটেল ডেস্ক: ভাৰতৰ সৈতে সম্পর্কত আমেৰিকাৰ ড'নাল্ড ট্রাম্পৰ চৰকাৰৰ বাবে এক প্রধান বাধাৰূপে দেখা দিয়া ভাৰতে ৰাছিয়াৰ পৰা কৰা তেল আমদানিয়ে প্রায় তিনি বছৰত (৩৯ মাহ) ভাৰতীয় তেল শোধনকাৰীসকলৰ বাবে প্রায় ১২.৬ বিলিয়ন ডলাৰ ধন ৰাহি কৰিলে। ভাৰতীয় আনুষ্ঠানিক বাণিজ্যিক তথ্যৰ ইণ্ডিয়ান এক্সপ্রেছে কৰা এক বিশ্লেষণত এই কথা প্রকাশ পাইছে। ভাৰতে ৰাছিয়াৰ পৰা কৰা তেলৰ আমদানিৰ সৈতে আন দেশৰ পৰা ক্ৰয় কৰা খাৰুৱা তেলৰ দামৰ তুলনা কৰি এই বিশ্লেষণ কৰা হৈছে। অৱশ্যে এই ৰাহি বা লাভ ভাৰতীয় তেল কোম্পানীবোৰৰ
বাবে বিশেষ হ'লেও, পূর্বতে অনুমান কৰাৰ দৰে অতি বেছি নহয়। মন কৰিবলগীয়া যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ পদক্ষেপ গ্রহণ নকৰিলেহেঁতেন, তেতিয়া বিশ্বজুৰি খাৰুৱা তেলৰ দাম বহু বেছি হোৱাৰ আশংকা আছিল, যাৰ ফলত ভাৰতৰ তেলৰ আমদানিৰ ধনো বহুত বেছি হ'লহেঁতেন, কাৰণ ভাৰত তেলৰ আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীল। সেইফালৰ পৰা চালে ভাৰতৰ আনুমানিক ৰাহি বাণিজ্যিক ধনৰ পৰিমাণতকৈ বহু বেছি। বেছিভাগ পশ্চিমীয়া দেশে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় বাদ দিয়াৰ পাছত ভাৰতে যদি ৰাছিয়াৰ তেল আমদানি নকৰিলেহেঁতেন, তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বহু বেছি হ'লহেঁতেন। আমেৰিকাৰ হেঁচা সত্ত্বেও ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি বন্ধ নকৰাৰ কাৰণবোৰৰ ভিতৰত ইও হয়তো এক।