ডাৱৰ-আন্ধাৰতো তুলিব পাৰিব পৃথিৱীৰ স্পষ্ট ছবি, মহাকাশলৈ ভাৰতৰ 'দৃষ্টি'

dainik janambhumi May 04, 2026

ডিজিটেল ডেস্ক: ভাৰতীয় ষ্টার্টআপ গেলেক্সআইৰ প্ৰথমটো কৃত্রিম উপগ্রহ 'দৃষ্টি' সফলভাৱে মহাকাশলৈ উৎক্ষেপণ কৰা হয়। ভাৰতৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ কৃত্রিম উপগ্ৰহটো আমেৰিকাৰ কেলিফর্নিয়াৰ পৰা স্পেছএক্সৰ ফেলকন ৯ ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়। 

গেলেক্সআইৰ মুখ্য কার্যবাহী বিষয়া সুজয় সিঙে জনোৱা মতে, 'দৃষ্টি'ৰ অৰ্থ হ'ল যিকোনো পৰিস্থিতিত দেখা পোৱাটো। এই কৃত্রিম উপগ্রহটোত মাল্টিস্পেক্ট্রল কেমেৰা আৰু ছিন্থেন্টিক এপাৰেছাৰ ৰাডাৰ (এছ এ আৰ) একেলগে ব্যৱহাৰ কৰা হৈছে আৰু একেলগে এই দুয়োবিধ প্রযুক্তি ব্যৱহাৰ কৰা বিশ্বৰ প্ৰথমটো কৃত্রিম উপগ্রহ। এই উপগ্ৰহটোৰ বিশেষত্ব হ'ল ডাৱৰ, আন্ধাৰ আৰু বেয়া বতৰতো পৃথিৱীৰ স্পষ্ট ফটো তোলাৰ ক্ষমতা থকাটো। 

সাধাৰণতে অপ্টিকেল কৃত্রিম উপগ্রহই ডাৱৰৰ বাবে পৃথিৱীৰ ফটো তোলাত অসুবিধাৰ সন্মুখীন হয়, কিন্তু এছ এ আৰ প্ৰযুক্তিয়ে সকলো বতৰতে কাম কৰে। ভাৰতৰ দৰে নাতিশীতোষ্ণ মণ্ডলত থকা দেশৰ আকাশত প্রায়ে ডাৱৰ থাকে। সেয়েহে এই প্রযুক্তি এনে দেশৰ বাবে যথেষ্ট উপযোগী বুলি কোৱা হৈছে। গেলেক্সআয়ে এই প্রযুক্তিৰ নাম অপ্ট'-এছ এ আৰ ৰাখিছে। 

'দৃষ্টি' কৃত্রিম উপগ্ৰহটোৱে প্ৰতিৰক্ষা, খেতি-বাতি, দুর্যোগ ব্যৱস্থাপনা, সমুদ্ৰৰ নিৰীক্ষণ আৰু আন্তঃগাঁথনিৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ দৰে কামত সহায় কৰিব। এই উপগ্ৰহটোৱে ইছৰ'ৰ ২৯ আর্থ অবজার্ভেশ্যন উপগ্রহক সহযোগ কৰিব। ভাৰতৰ এনে উপগ্রহ আগতে থকা হ'লে সামৰিক অভিযানৰ ফটোৰ বাবে বিদেশী উপগ্ৰহৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিলহেঁতেন। প্রায় ১৯০ কিল'গ্ৰামৰ উপগ্ৰহটোৱে ডেৰ মিটাৰ পৰ্যন্ত হাই ৰিজ'লিউশ্যন ফটো তুলিব পাৰে। 

ইফালে 'দৃষ্টি'ৰ সফল উৎক্ষেপণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গেলেক্সআইৰ দলটোক অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে ইয়াক ভাৰতৰ মহাকাশ যাত্রাত এক বৃহৎ সাফল্য বুলি অভিহিত কৰে। বিশ্বৰ প্ৰথমটো অপ্ট'-এছ এ আৰ উপগ্ৰহটোৱে ভাৰতৰ যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তিক প্রতিফলিত কৰিছে বুলি প্রধানমন্ত্রীয়ে কয়।

Share This