থাইলেণ্ডক ১১ গ'ল দিলে ভাৰতে, এছিয়া কাপ মহিলা হকী

dainik janambhumi September 06, 2025

ডিজিটেল ডেস্ক : ভাৰতে বৃহৎ জয়েৰে এছিয়া কাপ মহিলা হকীত অভিযান আৰম্ভ কৰিছে। উদিতা ডুছান আৰু বিউটী ডুং ডুঙে দিয়া দুটাকৈ গ'লৰ সহায়ত প্রতিযোগিতাখনত কালি নিজৰ প্ৰথম খেলত থাইলেণ্ডক ১১-০ ব্যৱধানত বিধ্বস্ত কৰে ভাৰতীয় মহিলা হকী দলটোৱে। উদিতাই পেনাল্টি কর্নাৰত ৩০ আৰু ৫২ মিনিটত এটাকৈ গ'ল দিয়াৰ বিপৰীতে ডুং ডুঙে দুটা গ'ল দিয়ে ৪৫ আৰু ৫৪ মিনিটত। 

ভাৰতৰ হৈ ১টাকৈ গ'ল দিয়ে মুমতাজ খান (৭ মিনিটত), সংগীতা কুমাৰী (১০ মিনিট), নৱনীত কৌৰ (১৬ মিনিট), লালৰেম ছিয়ামী (১) (১৮ মিনিট), থাউডেম সুমন দেবী (৪৯ মিনিট), শর্মিলা দেৱী (৫৭মিনিট) আৰু ৰুতুজা ডাডাছু পিছালে (৬০ মিনিট) সম্প্রতি বিশ্বৰ নৱম স্থানৰ ভাৰতে পুল 'বি'ৰ খেলখনত ৩০ সংখ্যক স্থানৰ থাইলেণ্ডৰ বিৰুদ্ধে প্রথমাৰ্ধ্বত ৫-০ গ'লত আগুৱাই আছিল। আঠটা দলে ভাগ লোৱা প্রতিযোগিতাখনত দুটা পুলৰ শীৰ্ষৰ দল দুটা ছুপাৰ ফ'ৰলৈ উন্নীত হ'ব। 

ছুপাৰ ফ'ৰৰ শীৰ্ষ স্থানৰ দল দুটাই অহা ১৪ ছেপ্টেম্বৰত ফাইনেল খেলিব। এছিয়া কাপৰ বিজয়ী দলটোৱে বেলজিয়াম আৰু নেদাৰলেণ্ডত অহা বছৰত হ'বলগীয়া মহিলা বিশ্ব কাপলৈ যোগ্যতা অর্জন কৰিব। থাইলেণ্ডৰ পাছত ভাৰতে কাইলৈ জাপানৰ বিৰুদ্ধে খেলাৰ পাছত অহা ৮ ছেপ্টেম্বৰত ছিংগাপুৰৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিম মেচখন খেলিব।

Share This