৫০০০ কোটিৰ বাংলাদেশ সংযোগী ৰেʼল প্ৰকল্প বন্ধ ভাৰতৰ 

dainik janambhumi April 23, 2025

ডিজিটেল ডেস্কঃ ভাৰত-বাংলাদেশৰ মাজত ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে ভাৰতে বাংলাদেশলৈ নিৰ্মাণ কৰি থকা ৫ হাজাৰ কোটিটকীয়া ৰে'লৱে প্ৰকল্প স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এই ৰে'লৱে প্ৰকল্পসমূহৰ জৰিয়তে বাংলাদেশলৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সুস্থিৰতা আৰু কৌশলগত নিৰাপত্তা সুৰক্ষিত কৰাটো নিশ্চিত কৰিবলৈ বাংলাদেশলৈ নির্মীয়মাণ ৰে'ল প্রকল্পটো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। বাংলাদেশত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে ভাৰতে এই সিদ্ধান্ত লৈছে।

 বাংলাদেশে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ চীন আৰু পাকিস্তানৰ সৈতে বাণিজ্যিক মিতিৰালি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰত উদ্বিগ্ন হৈ আৰু বাংলাদেশত বিশেষকৈ ভাৰত-বিৰোধী প্ৰতিবাদবোৰ চলি থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ সৈতে থকা সম্পর্কক একাষৰীয়া কৰি চীন আৰু পাকিস্তানক গুৰুত্ব দিয়াৰ বাবেই লোৱা এই সিদ্ধান্তই ৰে'লৱেৰ মুখ্য প্রকল্প, যেনে-আখাউৰা-আগৰতলা ৰে'ল সংযোগী আৰু খুলানা-মুংগলা ৰে'ল প্ৰকল্পও ব্যাহত হ'ব। তদুপৰি, দুয়োখন দেশৰ আঞ্চলিক সংযোগ থকা ৰে'ল আৰু জলপথো ব্যাহত হ'ব। 

এই সিদ্ধান্তৰ ফলত ঢাকা-তংগি জয়দেৱপুৰ ৰে'ল সম্প্ৰসাৰণ প্ৰকল্পও ব্যাহত হ'ব। আনহাতে, আন পাঁচটা ৰে'ল প্ৰকল্পও বন্ধ কৰা হ'ব। 

উল্লেখযোগ্য যে কিছুদিন পূর্বে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সন্দৰ্ভত কৰা মন্তব্যৰ পাছৰে পৰাই ভাৰত-বাংলাদেশৰ সম্পৰ্কত যথেষ্ট অৱনতি ঘটিছে। ইয়াৰ পাছতে বাংলাদেশে বাণিজ্যৰ বাবে ভাৰতৰ ভূমি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও ভাৰতে ঘোষণা কৰিছিল। এইবাৰ ভাৰতে উত্তৰ-পূৰ্বাঞ্চল সংযোগী বাংলাদেশলৈ থকা ৰে'ল প্রকল্পসমূহ বন্ধ কৰাটো যথেষ্ট লক্ষণীয় হৈ পৰিছে। বাংলাদেশ সংযোগী এই ৰে'ল প্রকল্পসমূহত ভাৰতে ইতিমধ্যে বহু ধন বিনিয়োগ কৰিছে।

 

Share This