ডিজিটেল ডেস্ক : ইংলেণ্ডত উপস্থিত হোৱাৰ পাছতেই সময় নষ্ট নকৰি ভাৰতীয় দলে লৰ্ডছত অনুশীলনত নামিল। ২০ জুনত লৰ্ডছৰ খেলেৰে ইংলেণ্ডৰ বিৰুদ্ধে ৫খনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দল। পৰৱৰ্তী টেষ্টকেইখন এজবাষ্টন, লর্ডছ, অ'ল্ড ট্রেফ'ৰ্ড আৰু অভেলত অনুষ্ঠিত হ'ব।
লৰ্ডছৰ ইনড'ৰ ক্রিকেট চেণ্টাৰত অনুষ্ঠিত দলৰ প্রথম অনুশীলনত উপস্থিত থাকে গীল, সহঃঅধিনায়ক ঋষভ পন্ট, ৰবীন্দ্ৰ জাদেজা, বাশ্বিংটন সুন্দৰ, ছাই সুদর্শন, কুলদীপ যাদৱ, যশপ্রীত বুমৰাহ, প্রসিদ্ধ কৃষ্ণ, মহম্মদ ছিৰাজ আৰু অৰ্শদীপ সিং।
ইয়াৰ বিপৰীতে ভাৰতৰ একাংশ ক্রিকেটাৰে সম্প্রতি নর্ডাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দ্বিতীয় অনানুষ্ঠানিক টেষ্টত ভাৰত 'এ'ৰ হৈ খেলি আছে।