ডিজিটেল ডেস্কঃ ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যৱহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয় যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে বিষয়টো উত্থাপন কৰি আহিছে।
তেওঁ কয় যে পাকিস্তানৰ অভ্যাসজনিত এনে প্রচেষ্টাৰ বিষয়ে ভাৰতে নিজৰ মতামত প্ৰকাশ কৰি আহিছে আৰু অ' আই চিৰ সদস্য ৰাষ্ট্ৰসমূহ এই বিষয়ে ভালদৰে অৱগত।
ইফালে, ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ সন্দর্ভত বিদেশ সচিবগৰাকীয়ে কয় যে এই গুৰুত্বপূর্ণ বিষয়টোলৈ আলাপ-আলোচনা অব্যাহত থাকিব। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিষয়টো সমাধানৰ বাবে দ্বিপাক্ষিক আলোচনাৰ পোষকতা কৰি আহিছে। তেওঁ কয় যে দ্বিপাক্ষিক আলোচনাৰ মাজেৰেহে সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াব পৰা যাব বুলি ভাৰতে বিশ্বাস কৰে।