১৫০০ কিল'মিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম, 'এন্টি-শ্বিপ' ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা ভাৰতৰ

dainik janambhumi May 03, 2026

ডিজিটেল ডেস্ক: ভাৰতীয় সামৰিক বাহিনীয়ে প্রতিৰক্ষা ক্ষমতা বৃদ্ধি কৰি ভাৰতে অলপতে এটা দীর্ঘ দূৰত্বৰ 'এন্টি-শিপ' ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী 'এন্টি-শিপ' মিছাইলটোৰ পৰীক্ষা কৰা হয়। 

প্রতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ') বিকশিত কৰা এই যুঁজাৰু জাহাজ প্ৰতিৰোধী মিছাইলটোৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষণত ২ তৰপীয়া হাই পাৰছনিক ইঞ্জিনবিহীন উৰাজাহাজৰ লেখিয়াকৈ ডিজাইন কৰা হৈছে। ভাৰতৰ অত্যাধুনিক প্রযুক্তিৰে আক্ৰমণ সক্ষমতাক এই 'এন্টি-শিপ' মিছাইলটোৱে প্রতিফলিত কৰিছে। সাগৰীয় জলভাগৰ পৰা ১৫০০ কিল'মিটাৰ দূৰত্ব পর্যন্ত আঘাত হানিব পৰা সক্ষমতা আছে এই 'এন্টি-শিপ' মিছাইলটোৰ। 

ভাৰতৰ সামুদ্রিক প্ৰতিৰক্ষা ক্ষমতাক বৃদ্ধি কৰি সাগৰতলিৰ গভীৰতম স্থানৰ পৰা শত্রুক আঘাত হানিব পাৰিব এই ক্ষেপণাস্ত্রই। ভাৰতীয় নৌ সেনাৰ উপকূলীয় প্রতিৰক্ষা আৱশ্যকতা পূৰণ কৰিবলৈ এই 'এল আৰ-এ এছ এইচ এম' ক্ষেপণাস্ত্রটো বিকশিত কৰা হৈছিল। বিভিন্ন যুদ্ধ পৰিৱেশত শত্রুপক্ষৰ যুঁজাৰু জাহাজৰ আক্ৰমণক প্রতিহত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে এই ক্ষেপণাস্ত্রটো। ওড়িশাৰ উপকূলীয় অঞ্চলত এই শক্তিশালী ক্ষেপণাস্ত্ৰটোৰ সফল পৰীক্ষণে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্রত এটা নতুন অধ্যায়ৰ সৃষ্টি কৰিলে। 

থলুৱাভাৱে নির্মিত এই 'এন্টি-শ্বিপ' মিছাইলটোৱে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ শীলতাক পুনৰ প্রতিফলিত কৰিলে। ভাৰতত থলুৱাভাৱে বিকশিত কৰা এই ক্ষেপণাস্ত্রৰে শত্রুপক্ষৰ লক্ষ্যত নিখুঁতভাৱে দীর্ঘ দূৰত্বলৈকে আঘাত হানিব পৰা যাব। এই ক্ষেপণাস্ত্ৰটো এটা 'হাইপাৰছ 'নিক গ্লাইড ভেহিকলে পৰিচালিত কৰিব। এই হাই পাৰছানিক মিছাইলৰ ১০ 'মেক' গতিত শত্রুপক্ষৰ লক্ষ্যত আঘাত হানিব পৰা সক্ষমতা আছে।

Share This