ভাৰতত নিৰ্মাণ হ'ব ৰাফেল যুঁজাৰু জেটৰ ঘাতক ক্ষেপণাস্ত্ৰ 'হেমাৰ

dainik janambhumi November 26, 2025

ডিজিটেল ডেস্ক : ৰাফেল যুঁজাৰু জেটৰ সবাতোকৈ ঘাতক মাৰণাস্ত্র 'হেমাৰ' ক্ষেপণাস্ত্র নির্মাণ কৰাৰ বাবে ভাৰত আৰু ফ্রান্সৰ মাজত এখন চুক্তি হৈছে। ভাৰততে এতিয়া 'হেমাৰ' ক্ষেপণাস্ত্র নির্মাণ কৰা হ'ব। এই সন্দর্ভত ফ্রান্সৰ সৈতে ভাৰতৰ এখন চুক্তি চূড়ান্ত হৈছে। 

 

ভাৰতৰ ভাৰত ইলেক্ট্রনিকছ লিমিটেড (বি ই এল) আৰু ফ্রান্সৰ চফৰান ইলেক্ট্রনিকছ এণ্ড ডিফেন্সে (এছ ই ডি) একেলগে ভাৰতত 'হেমাৰ' মিছাইলৰ নিৰ্মাণৰ বাবে এখন গুৰুত্বপূর্ণ চুক্তিত উপনীত হৈছে। 

 

উল্লেখযোগ্য যে 'হেমাৰ' ক্ষেপণাস্ত্ৰৰ জৰিয়তে আকাশৰ পৰা ভূমিলৈ সঠিক লক্ষ্যত নিখুঁতভাৱে আক্রমণ কৰিব পাৰে। এই চুক্তিৰ জৰিয়তে ভাৰত প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰশীল হোৱাৰ দিশত আৰু এখোজ আগবাঢ়ি গ'ল। ইয়াৰদ্বাৰা 'মেক ইন ইণ্ডিয়া' আৰু 'আত্মনির্ভৰ ভাৰত'ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সহায়ক হ'ব।

Share This