ডিজিটেল ডেস্ক : ভাৰতে ৰাছিয়াৰ পৰা তেল কিনাটো বন্ধ কৰিবলৈ মান্তি হৈছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বাৰে বাৰে কৈ থকাৰ পাছতো প্রধানমন্ত্রী মোদীয়ে কোনো উত্তৰ নিদিয়াৰ বাবে কালি কংগ্রেছে মোদীক সমালোচনা কৰে। এই বিষয়ত মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্রশ্ন কৰে।
ৰমেশে কয় যে প্রধানমন্ত্রীয়ে ট্রাম্পে জনোৱা শুভেচ্ছাৰ প্ৰত্যুত্তৰ দিলে, কিন্তু এতিয়াও তেল আমদানিৰ বিষয়ত ট্রাম্পে কৰা বিতর্কিত দাবীৰ ক্ষেত্ৰত মন্তব্য দাঙি ধৰা নাই। ৰমেশে সামাজিক মাধ্যম এক্সত কয়, 'যি সময়ত মোদীয়ে লুকুৱাইছে, ট্রাম্প ডাঙৰীয়াই সেই সময়ত প্ৰকাশ কৰিছে।' তেওঁ কয়, 'ট্রাম্পে যোৱা ছদিনত ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ কথা চাৰিবাৰ উল্লেখ কৰিছে।
ইয়াৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে ব্যক্তিগতভাৱে ট্রাম্পক ভাৰতে আমদানি (ৰাছিয়াৰ তেল) বন্ধ কৰিব বুলি ব্যক্তিগভাৱে আশ্বাস দিয়াৰ দাবীও (ট্রাম্পে কৰা) আছে।' উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ফ'নযোগে হোৱা শেহতীয়া এক বার্তালাপত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিব বুলি প্রতিশ্রুতি দিছিল। তেতিয়াৰ পৰাই এই বিতৰ্ক আৰম্ভ হৈছে।