ইণ্ডিয়া টুডেৰ ‘মুড অব্ দ্য নেশ্যন’ ,‘গৃহৰাজ্যত জনপ্ৰিয়’ৰ তালিকাত দ্বিতীয় স্থানত ড॰ হিমন্ত বিশ্ব শৰ্মা
Dainik Janambhumi
August 24, 2024
ডিজিটেল ডেস্কঃ গৃহ ৰাজ্যত সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শেহতীয়াকৈ দেশৰ অগ্ৰণী আলোচনী ইণ্ডিয়া টুডে’ই চলোৱা ‘মুড অব্ দ্য নেশ্যন’ শীৰ্ষক এক সমীক্ষাত প্ৰকাশ পাইছে যে গৃহ ৰাজ্যত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ জনপ্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে৷ সমীক্ষা অনুসৰি বৰ্তমান অসমৰ ৫০.০৮ শতাংশ লোক মুখ্যমন্ত্ৰীৰ কামক লৈ সন্তুষ্ট৷ ইয়াৰ পূৰ্বে ২০২৪ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ কামক লৈ ৪৮.০৬ শতাংশ আৰু ২০২৩তচনত ৪৯.০২ শতাংশ লোকে মুখ্যমন্ত্ৰীগৰাকীৰ কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছিল৷ উল্লেখযোগ্য যে এই সমীক্ষাত প্ৰতিখন ৰাজ্যৰ জনতাক সোধা হৈছিল যে মুখ্যমন্ত্ৰীক লৈ তেওঁলোক কিমান সন্তুষ্ট৷ সেই অনুসৰি গৃহ ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত প্ৰথম স্থানত আছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং৷ তেওঁৰ কামক লৈ ৫৫.০৭ শতাংশ লোকে সন্তুষ্টি ব্যক্ত কৰিছে৷
আনহাতে, দ্বিতীয় স্থানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা থকাৰ বিপৰীতে তৃতীয় স্থানত থকা গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলৰ জনপ্ৰিয়তাৰ হাৰ হৈছে ৪৬ শতাংশ৷ অৱশ্যে, পূৰ্বতকৈ গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ হাৰ কমিছে৷ ২০২৩ চনত ভূপেন্দ্ৰভাই পেটেলৰ জনপ্ৰিয়তাৰ হাৰ আছিল ৫৫.০৩শশতাংশ৷ এই তালিকাৰ তৃতীয় স্থানত থকা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কাম- কাজক লৈ ৪৫.০৫ শতাংশ লোক সন্তুষ্ট হোৱাৰ বিপৰীতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ দিল্লীৰ ৪৪.০৪ শতাংশই সন্তুষ্টি প্ৰকাশ কৰিছে৷ ইফালে নিজ ৰাজ্যত জনপ্ৰিয়তা ক্ৰমান্বয়ে কমিছে যোগী আদিত্যনাথৰ৷ বৰ্তমান উত্তৰ প্ৰদেশৰ ৩৮.০৯ শতাংশ লোকেহে যোগী আদিত্যনাথৰ কাম-কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে৷ মন কৰিব লগীয়া কথা যে গৃহ ৰাজ্যৰ লোকৰ সন্তুষ্টিৰ হাৰ হ্ৰাস পালেও দেশৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে স্বীকৃতি পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ যোগী আদিত্যনাথৰ কাম-কাজক দেশৰ ৩৩.২ শতাংশ লোকে ভাল পাইছে৷ এই তালিকাৰ দ্বিতীয় স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল [১৩.জ্জ্ব শতাংশ], তৃতীয় স্থানত আছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চতুৰ্থ স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, পঞ্চম স্থানত আছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, ষষ্ঠ স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সপ্তম স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়া আৰু অষ্টম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷
এই তালিকাৰ নৱম স্থানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী থকাৰ বিপৰীতে দশম স্থানত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ৷ প্ৰণিধানযোগ্য যে ইণ্ডিয়া টুডে’ই চলোৱা এই সমীক্ষা অনুসৰি আজিৰ তাৰিখত যদি লোক সভাৰ নিবাৰ্চন অনুষ্ঠিত হয় তেনেহ’লে কংগ্ৰেছৰ আসনৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ লগতে বিজেপিয়ে ২৪৪খন আসন লাভ কৰিলেহেঁতেন৷ আনহাতে, এন ডি এই ২৯৯খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে লাভ কৰিলেহেঁতেন ২৩৩খন আসন৷ ইফালে, প্ৰধানমন্ত্ৰী হিচাপে দেশৰ ৪৯ শতাংশ লোকে নৰেন্দ্ৰ মোদীক বিচৰাৰ বিপৰীতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ২২.চ্ছ্ৰ শতাংশ লোকে৷ অথচ বিগত ফেব্ৰুৱাৰী মাহত হোৱা সমীক্ষাত মোদীক ৫৫ শতাংশ আৰু ৰাহুল গান্ধীক ১৪.চ্ছ্ৰ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল৷ আনহাতে, দেশৰ ৫১ শতাংশ লোকে নৰেন্দ্ৰ মোদী দেশৰ সকলোতকৈ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰিছে৷
Share This