১৫ জুলাইৰ পৰা কাৰ্যকৰী হ'ব ভাৰত-ব্রিটেইনৰ মুক্ত বাণিজ্য চুক্তি, 'এক্স'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : ভাৰত আৰু ব্রিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তি (এফ টিএ) ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। দুয়ো দেশৰ আলোচনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুনত 'এক্স'যোগে এই তথ্য প্রকাশ কৰে। উল্লেখযোগ্য যে এই চুক্তিৰ জৰিয়তে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত দুগুণ, অর্থাৎ ১০০ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধিৰ আশা কৰা হৈছে। 

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে এই মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। চুক্তিখনৰ কাৰ্যকৰীকৰণে 'বিকশিত ভাৰত-২০৪৭'ৰ সপোন সাৰ্থক কৰিব বুলিও মোদীয়ে কয়। 

আনহাতে, দুয়োখন দেশে সামাজিক নিৰাপত্তা চুক্তি বা 'দ্য ডাবল কনট্রিবিউশ্যন কনভেনশ্যনো একেদিনাই কার্যকৰী কৰিব।

Share This