ভাৰত-আমেৰিকাৰ সীমিত বাণিজ্য চুক্তিত স্বাক্ষৰ

Dainik janambhumi July 09, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাই দীঘলীয়া আলোচনা প্ৰক্ৰিয়াৰ পাছত এক সীমিত বাণিজ্যিক চুক্তিক চূড়ান্ত ৰূপ দিয়ে। বিজনেছ টুডে'ই এটা বাতৰিত এজন জ্যেষ্ঠ চৰকাৰী বিষয়াৰ উদ্ধৃতি দি এই কথা প্রকাশ কৰে। দুয়োখন দেশৰ বিষয়াসকলৰ মাজত কেইবাসপ্তাহ ধৰি হোৱা সঘন আলোচনাৰ অন্তত এই চুক্তিক চূড়ান্ত ৰূপ দিয়া হয়। আলোচনাত ভাৰতে প্রধান প্রধান দাবীবোৰৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল হৈ থকা বুলি জনা গৈছে।

 

বিষয়াজনে কয়, 'আমেৰিকাৰ কঠোৰ স্থিতি গ্রহণ কৰা হ'লে ইয়াৰ প্ৰভাৱ গ্ৰহণ কৰাৰ বাবে আমি সাজু আছিলোঁ, কিন্তু ৱাশ্বিংটনে আলোচনাৰ বাবে ইচ্ছা প্রকাশ কৰিলে আৰু সেয়েহে আলোচনা আগবাঢ়িল আৰু চুক্তিত উপনীত হ'ব পৰা গ'ল।' অৱশ্যে এই প্রসংগত এতিয়ালৈকে দুয়োখন চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে কোনো কথা প্ৰকাশ কৰা হোৱা নাই। কিন্তু বিষয়াজনৰ মতে, দুয়োখন দেশৰ মাজত সীমিত চুক্তি (মিনি ডীল) চূড়ান্ত হৈছে। এই সীমিত চুক্তিত নির্বাচিত কেইটামান খণ্ডক সামৰি লোৱা হৈছে আৰু এই চুক্তিয়ে বহল পৰিসৰৰ এখন চুক্তিৰ পথ মুকলি কৰিব বুলি কোৱা হৈছে। এই বিষয়ে অহা কেইঘণ্টামানৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ঘোষণা কৰাৰ সম্ভাৱনা আছে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Share This