ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাই অতি সোনকালে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰিবলৈ প্ৰচেষ্টা কৰি আছে। অহা মে' মাহৰ দ্বিতীয়াৰ্ধৰ ভিতৰত এই বিষয়ত আলোচনা আৰম্ভ কৰাৰ বাবে দুয়োখন দেশে প্রায় প্রস্তুতি সম্পূৰ্ণ কৰিছে।
মঙলবাৰে দেশৰ বাণিজ্য মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এই তথ্য সদৰী কৰে। আনহাতে, খণ্ড অনুযায়ী বিষয়সমূহত ভার্চুবেল আলোচনা চলিত সপ্তাহতে আৰম্ভ হ'ব বুলি বিষয়াজনে কয়।
উল্লেখযোগ্য যে যোৱা মাহত আমেৰিকাৰ বাণিজ্য প্রতিনিধি নতুন দিল্লীলৈ অহাৰ সময়তে ভাৰত-আমেৰিকাৰ প্ৰস্তাৱিত দ্বি-পাক্ষিক বাণিজ্য চুক্তিখনৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হৈছিল।