এপ্ৰিলত কাৰ্যকৰী হ'ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি, কেন্দ্রীয় বাণিজ্য মন্ত্রী পীযূষ গোৱেলৰ ঘোষণা

dainik janambhumi February 21, 2026

ডিজিটেল ডেস্ক : ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্য চুক্তিখন অহা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় বাণিজ্য মন্ত্রী পীযূষ গোৱেলে শুকুৰবাৰে এই মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্রীজনে কয় যে মার্চত দুয়োখন দেশৰ মাজত এখন অন্তর্বর্তী বাণিজ্য চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে আৰু এইখনেই অহা এপ্রিল মাহৰ পৰা সম্পূর্ণ কাৰ্যকৰী হ'ব।

পৰৱৰ্তী সময়ত এপ্রিল মাহতে ব্রিটেইন আৰু ওমানৰ সৈতে ভাৰতে কৰা মুক্ত বাণিজ্য চুক্তি দুখনো কাৰ্যকৰী কৰা হ'ব। আনহাতে, নিউজিলেণ্ডৰ সৈতে হোৱা বাণিজ্য চুক্তি ছেপ্টেম্বৰ মাহৰ পৰা বলৱৎ হ'ব।

কেন্দ্ৰীয় মন্ত্রী গোৱেলে কয় যে অতি সোনকালেই ইউৰোপীয়ান ইউনিয়নৰ ২৭খন দেশতে কৰা বাণিজ্য চুক্তিও ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ভাৰত আৰু আমেৰিকাই এটা যুটীয়া বিবৃতিযোগে এখন অন্তর্বর্তী বাণিজ্য চুক্তিৰ ফ্ৰেমৱৰ্কৰ বিষয়ত ঘোষণা কৰিছিল।

Share This