ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ভাৰত জয়ৰ দুৱাৰমুখত উপনীত হৈছে। ইংলেণ্ডে দেওবাৰে টেষ্টখনৰ চতুৰ্থ দিনা ১৯২ ৰানত নিজৰ দ্বিতীয় ইনিংছ সামৰি ভাৰতৰ সন্মুখত ১৯৩ ৰানৰ লক্ষ্য বান্ধি দিয়ে। তৃতীয় দিনৰ স্ক'ৰ বিনা উইকেটত ২ ৰানৰ পৰা দেওবাৰে চতুৰ্থ দিনৰ খেল আৰম্ভ কৰিছিল ইংলিছ বাহিনীয়ে।
ভাৰতীয় বলাৰৰ বলিং বিক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱৰা ইংৰাজ বাহিনীয়ে ১৯১ ৰানতে দ্বিতীয় ৰান খৰচ কৰি ইংলেণ্ডৰ জ' ৰোট (৪০), বেন ষ্টোকছ (৩৩), জেমী স্মিথ (৮) আৰু শ্বোৱেইব বছিৰৰ (২) উইকেট দখল কৰে। ৱাশ্বিংটনক যোগ্য সহযোগিতা আগবঢ়াই দুটাকৈ উইকেট দখল কৰে মহম্মদ ছিৰাজ আৰু যশপ্রীত বুমৰাহে। এটাকৈ উইকেট লাভ কৰে নীতিশ কুমাৰ ৰেড্ডী আৰু আকাশদীপে।
শেহতীয়া বাতৰি মতে ভাৰতে ১৯৩ ৰানৰ লক্ষ্যৰ পিছলৈ এটা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত সংগ্ৰহ কৰিছে ৪০ ৰান। সেই পর্যন্ত লোকেশ ৰাহুলে ২৪ আৰু কৰুণ নায়াৰে ১৪ ৰান কৰি বেট ধৰি আছে। অ'পেনাৰ যশস্বী জয়ছোৱালে কোনো ৰান নকৰাকৈ আউট হয়।