এছিয়ান চেম্পিয়নছ ট্ৰফী হকী দক্ষিণ কোৰিয়াক হৰুৱালে ভাৰতে

Jyoti Borah August 09, 2023

ডিজিটেল ডেস্ক:এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ভাৰতৰ জয়যাত্ৰা অব্যাহত আছে৷ চলিত প্ৰতিযোগিতাখনত সোমবাৰে দক্ষিণ কোৰিয়াক ৩-২ গ’লত হৰুৱালে ভাৰতে৷ লেথাৰিকৈ ৬ খন খেলত অপৰাজিত হৈ ৰৈছে হৰমনপ্ৰীত সিং বাহিনী৷ ইয়াৰ মাজতে জাপানৰ বিৰুদ্ধে ড্ৰৰে খেল সামৰে ভাৰতে৷ ইয়াৰ পাছত কাইলৈ ভাৰতে পুৰাতন প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব৷ ৬খন খেলৰ তিনিখনত জয় আৰু এখনত ড্ৰ খেলি ভাৰতে ১০ পইণ্ট গোটাই পইণ্ট তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰত৷ এই খেলত নমাৰ আগেয়ে ভাৰতে ছেমি ফাইনেলৰ যোগ্যতা অৰ্জন কৰিছিল৷ ছয় মিনিটত ভাৰতক অগ্ৰগতি দিয়ে নীলকান্ত শৰ্মাই৷ অৱশ্যে, ইয়াৰ ছয় মিনিটৰ পাছতেই দক্ষিণ কোৰিয়াই সমতা স্থাপন কৰে ৷

Share This