ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি

Dainik Janambhumi October 06, 2026

ডিজিটেল ডেস্ক : ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ প্ৰথমখন টি-২০ ক্রিকেট আজি অনুষ্ঠিত হ'ব। এছিয়ান গেমছত স্বর্ণ জয়েৰে আত্মবিশ্বাসী হৈ আছে ভাৰতীয় দলটো। ইয়াৰ মাজতে বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে দলত থাকিলেও মূল একাদশত নিয়মীয়াকৈ সুযোগ পোৱা নাই। ৰানৰ মাজত থাকিলেও বৈভৱক দলত স্থান দিয়া হোৱা নাই। ইয়াৰ বাবে প্রশিক্ষক গৌতম গম্ভীৰ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে। আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাত এখনো খেলত সুযোগ নাপালে বৈভৱে। এইপর্যন্ত বৈভৱে ভাৰতৰ হৈ ৮ খন মেচ খেলিছে ।


ইয়াৰ মাজৰে এখন মেচত ভি ভি এছ লক্ষ্মণৰ তত্ত্বাৱধানত এছিয়ান গেমছ আৰু জিম্বাবুৱেৰ বিৰুদ্ধে খেলিছিল বেটিং চাঞ্চল্য বৈভৱে। সেই প্রসংগত গম্ভীৰে কয়, 'বৈভৱৰ বিষয়টো মোৰ বাবেও নতুন অভিজ্ঞতা। হয়, বৈভৱ দুৰন্ত ফৰ্মত আছে। তেওঁক বহুবাৰ বুজাবলৈ চেষ্টা কৰিছোঁ। অনেক খেলুৱৈয়ে দীর্ঘ অপেক্ষাৰ অন্তত সুযোগ পাইছে। তেওঁলোকে ভাল খেলিছে। তেওঁলোককো সুযোগ দিব লাগিব। বৈভৱক নমালে এগৰাকী খেলুৱৈৰ সৈতে কথা পাতিব লাগিব। সেয়া হয়তো হ'ব পাৰে অভিষেক শর্মা অথবা সঞ্জু ছেমছন। উভয়ৰ সৈতে সেই আলোচনা মোৰ বাবে কষ্টকৰ হ'ব। তেওঁলোকে যোৱা ডেৰ-দুই বছৰ ধৰি দললৈ জয় কঢ়িয়াই আনিছে। আজি ৩-৪খন মেচত ব্যর্থ হ'লেই তেওঁলোকক অতিৰিক্তৰ শাৰীত ৰাখিব নোৱাৰি। ফর্মত থকা তৰুণ ক্রিকেটাৰক তেওঁলোকৰ স্থানত খেলাব নোৱাৰি।' 

ইফালে, প্রথম টি-২০ খেলত নমাৰ আগেয়ে ৱেষ্ট ইণ্ডিজে এক বৃহৎ আঘাত সহিবলগীয়া হৈছে। আঙুলিৰ আঘাতৰ বাবে প্রথম মেচেই নহয়, সম্পূর্ণ শৃংখলাৰ পৰাই বাহিৰ হ'ব পাৰে ১৯ বছৰীয়া অ'পেনাৰ জুৱেল আন্দ্ৰু। তেওঁৰ স্থানত অন্তর্ভুক্ত কৰা হৈছে আমিৰ জাংগোক। ৩ অক্টোবৰত ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াত ফিল্ডিং কৰি থকাৰ সময়ত আঘাত পায় আন্দ্ৰুৱে।

Share This