ডিজিটেল ডেস্ক: জিম্বাবুৱেৰ বিৰুদ্ধে বৃহস্পতিবাৰে চলিত টি-২০ বিশ্ব কাপত ৭২ ৰানত দুর্দান্ত জয় সাব্যস্ত কৰে ভাৰতে। এতিয়া বিশ্ব কাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতৰ সন্মুখত একমাত্র বাধা হৈছে ৱেষ্ট ইণ্ডিজ।
দেওবাৰে কেৰিবিয়ান বাহিনীক পৰাজিত কৰিলেই ভাৰতে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব। চেন্নাই ত জিম্বাবুৱেৰ বিৰুদ্ধে নমাৰ আগেয়ে ভাৰতে কিছু ভাল খবৰ পাইছিল। দক্ষিণ আফ্রিকাৰ হাতত ৱেষ্ট ইণ্ডিজৰ পৰাজয়ে সূর্যকুমাৰ যাদৱ বাহিনীৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল।
দেওবাৰে ইডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি হ'ব। কার্যতঃ সেয়াই হ'ব কোৱাৰ্টাৰ ফাইনেল। যিটো দল জয়ী হ'ব সেই দলে ছেমি ফাইনেলত প্রৱেশ কৰিব। ইডেন গার্ডেনত ছুপাৰ এইটৰ অন্তিমখন খেলত যদি সূর্যকুমাৰ বাহিনী ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হয় তেন্তে ভাৰত গ্ৰুপ ১ৰ পইন্ট টেবুলত তৃতীয় স্থানত থাকিব আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব।
ইয়াৰ উপৰি, দেওবাৰে যদি বৰষুণ হয় আৰু খেল পৰিত্যক্ত হয় তেনেহ'লে পুনৰ বিপদত পৰিব ভাৰত। কাৰণ তাৰ পাছত ৱেষ্ট ইণ্ডিজে নেট ৰান ৰেটৰ জৰিয়তে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ভাৰতৰ নেট ৰান ৰেট এতিয়া -০.১০০ আৰু ৱেষ্ট ইণ্ডিজৰ +১.৭৯১।