২০৫০-ত অগ্নিপিণ্ডত পৰিণত হ'ব ভাৰত

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱর্তনৰ বাবে সৃষ্টি হোৱা ক্রমবর্ধমান গোলকীয় উষ্ণতাই মানৱ জীৱনলৈ কঢ়িয়াই আনিছে অশনি সংকেত। অক্সফ'র্ড বিশ্ববিদ্যালয়ে চলোৱা এটা শেহতীয়া অধ্যয়নত প্রকাশ কৰা তথ্য অনুসৰি বর্ধিত গোলকীয় উষ্ণতাই ২০৫০ চনৰ ভিতৰত বিশ্বৰ প্রায় ৪০০ কোটি লোকৰ প্রাণ কাঢ়ি নিব। নতুন অধ্যয়নটোৱে সতর্ক কবি দিয়ে যে যদি গোলকীয় উষ্ণতা ২ ডিগ্রী চেলছিয়াছ পর্যন্ত বৃদ্ধি পায়, তেনেহ'লে আহি থকা দশকবোৰত সমগ্র বিশ্বত অতিপাত গৰমৰ বাবে প্রায় ৪ বিলিয়ন লোকে প্রাণ হেৰুৱাব। 

অতি উদ্বেগজনক বিষয়টো হ'ল অতিপাত গ্রীষ্মপ্রৱাহৰ বাবে ভাৰতৰ দৰে তুলনামূলক দেশবোৰ অগ্নিপিণ্ডত পৰিণত হ'ব। অধ্যয়নটোত কোৱা হৈছে যে দক্ষিণ এছিয়াৰ দেশ ভাৰত বিশ্বৰ ভিতৰতে সর্বাধিক ক্ষতিগ্রস্ত হ'ব। তুলনামূলকভাৱে ঠাণ্ডা দেশ ভাৰত, পাকিস্তান, ব্রাজিল আদি দেশৰ জনজীৱনক অতিপাত গৰমে দহিব। অক্সফ'র্ডৰ গৱেষকসকলে সতর্ক কৰি দিয়ে যে ২ ডিগ্রী চেলছিয়াছ গোলকীয় উষ্ণতা বৃদ্ধি পালে সমগ্র বিশ্বত গুৰুতৰ প্রভাৱ পৰিব। যিহেতু পেৰিচ জলবায়ু চুক্তিত গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছ পাব বুলি নির্ধাৰণ কৰা হৈছিল যদিও ক্রমবর্ধমান গোলকীয় উষ্ণতাই এই সীমা অতিক্রম কৰাৰ আশংকা আছে। ২০১০ চনত গোলকীয় উষ্ণতাই বিশ্বৰ ২০ শতাংশ জনসংখ্যাক প্রভাৱিত কৰিছিল। অতিপাত গৰমে প্রায় ২৩ শতাংশ জনসংখ্যাক বর্তমান প্রভাৱিত কৰিছে। 

অক্সফ'র্ড বিশ্ববিদ্যালয়ৰ জার্নেল 'নেচাৰ ছাচটেইনেবিলিটি'ও প্রকাশ হোবা অনুসৰি, অদূৰ ভবিষ্যতে বিশ্বৰ ৪০ শতাংশ জনসংখ্যাক গ্রাস কৰিব অতিপাত গৰমে। বিশ্বৰ বিভিন্ন অঞ্চল যেনে- মধ্য আফ্রিকাৰ দেশসমূহ, নাইজেৰিয়া, লাণ্ডছ আৰু ব্রাজিলত গ্রীষ্ম প্রবাহ দ্রুতগতিত বুদ্ধি পাইছে। আনহাতে, অধিক
ঘন জনবসতিপূর্ণ দেশ ভাৰত, ইণ্ডোনেছিয়া, বাংলাদেশ, পাকিস্তান, নাইজেৰিয়া আৰু ফিলিপাইনছৰ দৰে দেশত সর্বাধিক লোকৰ প্রাণহানি হ'ব বুলি অধ্যয়নটোত কোৱা হৈছে।

Share This