পিছ পেলাব মহাশক্তিমান আমেৰিকাক, ২০৭৫ত বিশ্বৰ দ্বিতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত

dainik janambhumi July 13, 2026

ডিজিটেল ডেস্ক : কৰ'না মহামাৰীৰ পৰা আৰম্ভ কৰি বিশ্বত চলি থকা যুদ্ধ আৰু অন্যান্য বিভিন্ন ধৰণৰ প্রত্যাহ্বানৰ মাজতো উন্নয়নৰ দিশত আটাইতকৈ দ্রুত গতিত আগবঢ়া বিশ্বৰ অৰ্থনীতিসমূহৰ মাজত শীর্ষস্থান লাভ কৰি আছে ভাৰতে। অনাগত বছৰসমূহত ভাৰতীয় অর্থনীতিৰ এই গতি অব্যাহত থাকিব। এই কথা প্রকাশ কৰিছে ৱৰ্ল্ড অব্ ষ্টেটিষ্টিছৰ ছ'চিয়েল মিডিয়া প্লেটফর্মত গ'ল্ডমেন ছাছে। 

গ'ল্ডমেন ছাৰ এখন প্রতিবেদনৰ মতে, ভাৰতীয় অর্থনীতি বিশ্বৰ ভিতৰত অন্যতম সর্ববৃহৎ অর্থব্যৱস্থা হোৱাৰ দিশত আগবাঢ়িছে। প্রতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতে ২০৭৫ চনলৈ আমেৰিকাৰ দৰে বৰ্তমানৰ বিশ্বৰ শীৰ্ষ অর্থনীতিক চেৰ পেলাব। তেতিয়ালৈ ভাৰতীয় অর্থনীতিয়ে বিশ্বৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিব। ২০৭৫ চনত ভাৰতীয় অর্থনীতি ৫২.৫ লাখ কোটি ডলাৰৰ অৰ্থাৎ ৫,০০৪.৮৫ লাখ কোটি টকাৰ হ'বগৈ। 

গ'ল্ডমেন ছাছৰ অনুমান মতে, বর্তমান বিশ্বৰ সৰ্ববৃহৎ অর্থনীতি আমেৰিকাৰ অৰ্থব্যৱস্থা ২০৭৫ চনলৈ ৫১.৫ লাখ কোটি ডলাৰ হ'বগৈ আৰু ভাৰতীয় অর্থনীতিতকৈ ১ লাখ কোটি ডলাৰ পিছপৰি থাকিব। প্রতিবেদনখনত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত থকা চীনৰ অৰ্থনীতিয়ে ২০৭৫ চনত প্রথম স্থান অধিকাৰ কৰিব। সেই সময়লৈ চীনৰ অৰ্থনীতিৰ আকাৰ ৫৭ লাখ কোটি ডলাৰৰ হ'ব। গ'ল্ডমেন ছাৰ অনুমান মতে, ২০৭৫ চনলৈ ব্রিটেইন আৰু জাপানৰ দৰে দেশ বিশ্বৰ শীর্ষ দহটা অৰ্থনীতিৰ তালিকাৰ পৰা বাহিৰ হৈ যাব। ইয়াৰ লগতে ৰাছিয়া আৰু ফ্ৰান্সৰ স্থানো যথেষ্ট তললৈ অৱনমিত হ'ব। 

আমেৰিকাৰ পিছতে চতুর্থ স্থান দখল কৰিব ১৩.৭ লাখ কোটি ডলাৰেৰে ইণ্ডোনেছিয়াই। ইয়াৰ পিছতে নাইজেৰিয়া (১৩.১ লাখ কোটি ডলাৰ), পাকিস্তান (১২.৩ লাখ কোটি ডলাৰ), ইজিপ্ত (১০.৪ লাখ কোটি ডলাৰ), ব্রাজিল (৮.৭ লাখ কোটি ডলাৰ), জার্মানি (৮.১ লাখ কোটি ডলাৰ), মেক্সিকো (৭.৬ লাখ কোটি ডলাৰ), ব্রিটেইন (৭.৬ লাখ কোটি ডলাৰ), জাপান (৭.৫ লাখ কোটি ডলাৰ), ৰাছিয়া (৬.৯ লাখ কোটি ডলাৰ), ফিলিপাইন (৬.৬ লাখ কোটি ডলাৰ), ফ্রান্স (৬.৫ লাখ কোটি ডলাৰ) আৰু বাংলাদেশে (৬.৩ লাখ কোটি ডলাৰ) স্থান লাভ কৰিব।

Share This