২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী

dainik janambhumi October 09, 2025

ডিজিটেল ডেস্ক : ভাৰত ২০২৮ চনৰ ভিতৰত বিশ্বৰ তৃতীয় অর্থনীতিত পৰিণত হ'ব। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰত ভ্ৰমণলৈ অহা ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰে। ষ্টাৰ্মাৰে কয় যে ভাৰত ২০২৮ চনলৈ বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে আৰু দেশখনৰ সৈতে ব্যৱসায় ক্ষিপ্র তথা সস্তীয়া হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত যথেষ্ট সুযোগৰ সৃষ্টি হ'ব বুলিও তেওঁ উল্লেখ কৰে। 

তেওঁ কয়, 'জুলাই মাহত আমি ভাৰতৰ সৈতে এখন বৃহৎ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰোঁ। ই কোনো এখন দেশৰ সৈতে কৰা আটাইতকৈ সুৰক্ষিত চুক্তি, কিন্তু কাহিনী ইমানতে অন্ত পৰা নাই। ই কেৱল এখন কাগজৰ টুকুৰা নহয়, ই বিকাশৰ এক 'লান্সপেড'।' উল্লেখযোগ্য যে ষ্টাৰ্মাৰে কালি ১২৫জন আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, অগ্রণী উদ্যমী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক প্রতিষ্ঠানৰ বিষয়াক লৈ ইয়াত উপস্থিত হয়। তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। 

ইফালে ষ্টাৰ্মাৰে কালি মুম্বাইত বলিউডৰ অভিনেত্ৰী ৰাণী মুখার্জীৰ সৈতে এখন চিনেমা চায়। তেওঁ যশৰাজ ষ্টুডিঅ' পৰিদৰ্শন কৰে আৰু মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় বিধানীক লগ ধৰে। তেওঁ নিশালৈ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয়।

Share This