৬ খন অত্যাধুনিক যুদ্ধ জাহাজ নিৰ্মাণ কৰিব ভাৰতে

dainik janambhumi August 25, 2025

ডিজিটেল ডেস্ক : পাকিস্তান-বাংলাদেশৰ সৈতে উত্তেজনা চলি থকাৰ সময়তে ভাৰতে জার্মানিৰ সহযোগিতাত যুদ্ধ জাহাজ (ছাবমেৰিন) নিৰ্মাণ কৰাৰ বাবে এখন চুক্তিত উপনীত হোৱাৰ সিদ্ধান্ত লৈছে। ভাৰতীয় নৌ সেনাৰ যুদ্ধ সক্ষমতা বৃদ্ধি কৰিবলৈ প্ৰকল্প ৭৫ৰ অধীনত ভাৰতে ৬খন অত্যাধুনিক যুদ্ধ জাহাজ নিৰ্মাণৰ বাবে জার্মানিৰ সৈতে এখন ৭০,০০০ কোটি টকীয়া চুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে।

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি এ এন আয়ে কয় যে ভাৰতৰ চৰকাৰী প্ৰতিৰক্ষা সামগ্ৰী নির্মাণ প্রতিষ্ঠান মাজাগাঁও ডকয়ার্ডছ লিমিটেডে (এম ডি এল) জার্মান প্রতিষ্ঠান থাইছেনক্রুপ মেৰাইন ছিষ্টেমৰ সৈতে লগ লাগি এই ৬খন অত্যাধুনিক যুদ্ধ জাহাজ (ছাবমেৰিন) নিৰ্মাণ কৰিব। চুক্তিৰ প্রক্রিয়া চলিত মাহৰ পৰা আৰম্ভ হ'ব আৰু অহা ছমাহৰ

ভিতৰত এই চুক্তি কৰিব। ভাৰতৰ যুদ্ধ জাহাজ (ছাবমেৰিন) কাৰ্যসূচী আৰু ইয়াৰ ভৱিষ্যতৰ আৱশ্যকতা সন্দৰ্ভত পর্যালোচনা কৰিবলৈ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়াসকলৰ উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই নিৰ্মাণ কৰিবলগা প্ৰস্তাৱিত যুদ্ধ জাহাজবোৰৰ বৈশিষ্ট্য হ'ব 'এয়াৰ ইণ্ডিপেণ্ডেন্ট প্রপালশ্যন (এ আই পি)' ছিষ্টেম। এই পদ্ধতিৰ বাবে প্ৰস্তাৱিত জাহাজখনৰ তিনি সপ্তাহ পর্যন্ত পানীৰ তলত ডুবি থকাৰ সক্ষমতা থাকিব। ভাৰতীয় নৌ সেনাৰ যুদ্ধ সক্ষমতা বৃদ্ধি হোৱাৰ দিশত এই যুদ্ধ জাহাজে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। প্রতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিষয়াসকলে কয় যে এই নতুন যুদ্ধ জাহাজৰ নিৰ্মাণৰ পৰিকল্পনাৰে ভাৰতে ইয়াৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত স্বাৱলম্বিতা প্রকাশ কৰিব।

থলুৱাভাৱে নির্মিত এই অত্যাধুনিক শেহতীয়া প্ৰযুক্তিৰ যুদ্ধ জাহাজে চীন আৰু পাকিস্তানৰ বৰ্ধিত নৌ সেনাৰ অনুশীলনকো প্রত্যাহ্বান জনাব বুলি বিষয়াসকলে কয়। আনহাতে, অনাগত দশকত ১০খন পুৰণি যুদ্ধ জাহাজৰ স্থান ল'ব এই নতুন ছাবমেৰিনে। আনহাতে, ভাৰতে পাৰমাণৱিক যুদ্ধ জাহাজ প্ৰকল্পৰ দিশতো কাম কৰি আছে। ব্যক্তিগত প্রতিষ্ঠান লাছেন এণ্ড টার্ব'ই কেন্দ্ৰীয় চৰকাৰক দুখন পাৰমাণৱিক যুদ্ধ জাহাজ নিৰ্মাণৰ দিশত সহায় কৰি আছে।

Share This