ৰাফেল যুদ্ধ বিমানৰ শৰীৰ নিৰ্মাণ কৰিব ভাৰতে

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্ক : ভাৰতত প্ৰতিৰক্ষা আৰু বিমান নির্মাণত কর্মক্ষমতা বৃদ্ধি কৰি ৰাফেল যুঁজাৰু বিমানৰ ফিউজিলাজ বা দেহাংশ নির্মাণ কৰিব ভাৰতে। ফ্ৰান্সৰ ডছাল্ট এভিয়েশ্যন আৰু ভাৰতৰ টাটা এডভান্সড ছিষ্টেম লিমিটেড (টি এ এছ এল) হোৱা অংশীদাৰিত্বৰ চুক্তি অনুসৰি টাটাই হায়দৰাবাদত স্থাপন কৰিব ৰাফেলৰ অত্যাধুনিক উৎপাদন কেন্দ্র। এই কেন্দ্রত নির্মাণ হ'ব পশ্চাদ দেহাংশৰ (ফিউজিলাজ) পার্শ্বীয় খোলা, সম্পূর্ণ পশ্চাদ অংশ, কেন্দ্রীয় দেহাংশ আৰু সন্মুখৰ অংশকে ধৰি মূল গাঁথনিৰ অংশবোৰ। 

হায়দৰাবাদৰ এই কেন্দ্রটোত প্রথম ফিউজিলাজ অংশবোৰ ২০২৭-২৮ বিত্তীয় বর্ষতে নিৰ্মাণ হ'ব। প্রতি মাহতে দুটা সম্পূর্ণ ফিউজিলাজ ইয়াত নির্মাণ হোৱাৰ আশা কৰা হৈছে। এই উৎপাদন কেন্দ্ৰই ভাৰতৰ লগতে বিশ্বৰ আন বজাৰতোে যুঁজাৰু বিমান যোগান ধৰিব। ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ ফিউজিলাজ নিৰ্মাণৰ বাবে ডছাল্ট এভিয়েশ্যনে টি এ এছ এলৰ সৈতে চাৰিখন 'উৎপাদন হস্তান্তৰ চুক্তি'ত ইতিমধ্যে স্বাক্ষৰ কৰিছে। ডছাল্ট এভিয়েশ্যনৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ') এৰিক ট্রেপিয়েৰে এই সন্দৰ্ভত কয়, 'প্রথমবাৰৰ বাবে ফ্ৰান্সৰ বাহিৰত ৰাফেলৰ ফিউজিলাজ উৎপাদন হ'ব। ভাৰতত আমাৰ যোগান শংখল শক্তিশালী কৰাত এয়া হৈছে এক নির্ণায়ক পদক্ষেপ। টি এ এছ এলকে ধৰি আমাৰ স্থানীয় অংশীদাৰৰ সম্প্ৰসাৰণৰ বাবেই এই যোগান শৃংখলে ৰাফেলৰ বৃদ্ধি- বিকাশত অৰিহণা যোগাব আৰু আমাৰ সহায়েৰে আমাৰ মান আৰু প্ৰতিযোগিতাৰ বাবে আৱশ্যকীয়খিনি অটুট থাকিব।' 

ইফালে টাটা এডভান্সড ছিষ্টেম লিমিটেডৰ মুখ্য কার্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক সুকৰণ সিঙে এই সন্দর্ভত কয়, 'এই অংশীদাৰিত্ব ভাৰতৰ আকাশক্ষেত্ৰৰ (এৰ'স্পে’চ) যাত্ৰাত এক উল্লেখনীয় পদক্ষেপ। ভাৰতত ৰাফেলৰ সম্পূর্ণ ফিউজিলাজৰ নির্মাণে টাটা এডভান্সড ছিষ্টেমৰ সক্ষমতাত গভীৰ বিশ্বাস কথা তথা ডছাল্ট এভিয়েশ্যনৰ সৈতে আমাৰ সহযোগিতাৰ শক্তি প্রকাশ কৰিছে। তদুপৰি ই বিশ্বক সহায় কৰিব পৰা এক আধুনিক, শক্তিশালী এৰ'স্পে'চ নির্মাণ ব্যৱস্থাত ভাৰতৰ উল্লেখযোগ্য প্ৰগতিৰ কথাও প্রতিফলন কৰে।' উল্লেখযোগ্য যে ভাৰত বায়ু সেনা বাহিনীৰ হাতত বর্তমান ৩৬খন ৰাফেল বিমান আছে। আনহাতে ভাৰতীয় নৌ সেনা বাহিনী ২০৩০ চনৰ ভিতৰত ২৬ খন সামুদ্রিক ৰাফেল যুঁজাৰু বিমানৰ অধিকাৰী হ'ব।

Share This