ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ২৬ খন ৰাফেল সামুদ্রিক যুঁজাৰু জেট ক্ৰয় কৰিবলৈ ফ্রান্স চৰকাৰৰ সৈতে এখন পাৰস্পৰিক চুক্তিৰ বাবে অনুমোদন দিছে। অতি সোনকালে স্বাক্ষৰ কৰিবলগা চুক্তিখনৰ মূল্য হ'ব ৬৩,০০০ কোটি টকাতকৈও অধিক।
এই চুক্তিৰ অধীনত ভাৰতীয় নৌ-বাহিনীয়ে ২২ খন এজনীয়া আসনৰ আৰু ৪খন দুজনীয়া আসনৰ যুদ্ধ বিমান লাভ কৰিব। প্ৰাৰম্ভিকভাৱে ভাৰতত নিৰ্মিত যুদ্ধবিমান পৰিবাহী আই এন এছ বিক্ৰান্তত মোতায়েনৰ বাবে ফ্ৰান্সৰ পৰা ৰাফেল-এ যুঁজাৰু জেট ক্রয় কৰিবলৈ ২০২৩ চনৰ জুলাই মাহতে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সেউজ সংকেত দিছিল।
আনুমানিক চাৰি বছৰৰ ভিতৰত এই ২৬ খন ৰাফেল সামুদ্রিক জেটৰ ডেলিভাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। ভাৰতীয় নৌ-বাহিনীয়ে ২০২৯ চনৰ শেষৰ ফালে এই যুঁজাৰু জেটৰ প্ৰথমটো বেছ লাভ কৰিব।