ডিজিটেল ডেস্ক : আমেৰিকাই কেইবাটাও কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰীৰ ওপৰত সমানুপাতিক শুল্ক ৰেহাই দিছে। দেশখনৰ ঘৰুৱা মুদ্রাস্ফীতি হ্রাস কৰাৰ বাবে ট্রাম্পৰ চৰকাৰে এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে যোৱা এপ্রিলত ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপ কৰাৰ পাছত ভাৰতৰ ৰপ্তানিত ব্যাপক প্রভাৱ পৰিছিল। কিন্তু ট্রাম্পে কেইবাটাও সামগ্রীত শুল্ক ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পাছত ভাৰত উপকৃত হোৱাৰ সম্ভাৱনাই দেখা দিছে।
এটা কাৰ্যকৰী আদেশৰ জৰিয়তে ট্রাম্পে ঘোষণা কৰে যে মার্কিন চৰকাৰে কফি, চাহপাত, বতৰৰ ফল, বাদাম, মছলা আৰু অন্যান্য কৃষিজাত সামগ্ৰীত ধাৰ্য কৰা শুল্ক ৰেহাই দিছে। ৰাষ্ট্ৰপতি ট্রাম্পৰ এই আদেশ ১৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। ২২৯টা কৃষিজাত সামগ্রীসহ ২৫৪টা সামগ্রীত ট্রাম্পে শুল্ক উঠাই লোৱাৰ পাছত ভাৰতে আমেৰিকালৈ ১ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিব পাৰিব। প্রায় ১০০ কোটি ডলাৰৰ কৃষিজাত-সংসাধিত সামগ্ৰী এতিয়া ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰিব পাৰিব। উল্লেখযোগ্য যে মার্কিন প্রশাসনে দুই শতাধিক খাদ্য সামগ্রীত সমানুপাতিক শুল্ক ৰেহাই দিয়াৰ পাছত ভাৰতীয় কৃষি ৰপ্তানিকাৰীসকলৰ বাবে এটা ইতিবাচক ইংগিত আহিছে।
এপ্রিলত ট্রাম্প প্রশাসনে ভাৰতীয় সামগ্ৰীত ৫০% শুল্ক আৰোপৰ পাছত কেইবামাহ ধৰি আমেৰিকালৈ ভাৰতৰ ৰপ্তানিত অচলাবস্থাই দেখা দিছিল। কিন্তু ট্রাম্প প্রশাসনৰ এই ঘোষণাই আমেৰিকাত ভাৰতীয় সামগ্রীৰ নতুন চাহিদা সৃষ্টি কৰিব। ৫০% শুল্ক আৰোপ কৰাৰ পাছত ভাৰতৰ যোৱা বৰ্ষৰ তুলনাত চলিত বৰ্ষৰ ছেপ্টেম্বৰত ৫.৪৩ বিলিয়ন ডলাৰৰ লোকচান হৈছিল। চাহপাত, কফি, মছলা আৰু বাদামৰ লগতে বিভিন্ন সামগ্ৰীৰ ভাৰতীয় ৰপ্তানিকাৰীসকলে এতিয়া আমেৰিকালৈ পুনৰ ৰপ্তানি আৰম্ভ কৰিব পাৰিব। ভাৰতীয় ৰপ্তানি সংস্থাসমূহৰ সঞ্চালক প্রধান অজয় সাহানীয়ে কয় যে মার্কিন প্রশাসনৰ এই শুল্ক বাতিলৰ ঘোষণাই আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ২.৫ বিলিয়ন ডলাৰৰ (২৫০ কোটি ডলাৰ) হ'ব বুলি আশা কৰা হৈছে।