ডিজিটেল ডেস্ক: ৱেষ্ট ইণ্ডিজক দ্বিতীয় টেষ্টতো পৰাজিত কৰাৰ পাছত নিউজিলেণ্ডে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইন্টৰ তালিকাত দ্বিতীয় স্থান দখল কৰে। নিউজিলেণ্ডে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২৭ চক্রত এতিয়ালৈকে তিনিখন টেষ্ট খেলি দুখনত জয়ী হৈছে আৰু দলটোৰ জয়ৰ শতকৰা হাৰ হ'ল ৭৭.৭৮।
আনহাতে, অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৬খন টেষ্ট খেলিছে আৰু ইয়াৰ কেউখনতে জয়ী হৈ ১০০% জয়ৰ হাৰেৰে ডব্লিউ টি চিৰ পইণ্টৰ তালিকাত শীর্ষস্থান দখল কৰি আছে। এই তালিকাত ৪খন টেষ্টৰ ৩খনত জয়ী হৈ ৭৫% জয়ৰ হাৰেৰে তৃতীয় স্থান লাভ কৰি আছে। ডব্লিউ টি চিৰ পইণ্টৰ তালিকাত ভাৰতৰ অৱস্থা মুঠেও সন্তোষজনক নহয়।
চলিত বছৰত টেষ্টত ভাৰতে বিশেষ উল্লেখনীয় প্রদর্শন কৰিব পৰা নাই। টীম ইণ্ডিয়াই চলিত বৰ্ষত এতিয়ালৈকে ৯খন টেষ্ট খেলিছে আৰু ইয়াৰে চাৰিখনত জয়ী তথা সমসংখ্যক মেচত পৰাজিত হৈছে। এখন মেচ ড্র হয়। ফলত পইন্টৰ তালিকাত ভাৰতৰ পইন্ট হ'ল ৫২ আৰু জয়ৰ শতকৰা হাৰ হ'ল ৪৮.১৫। কেৱল সিমানেই নহয়, টেষ্ট খেলা ৯খন দেশৰ ভিতৰত ভাৰতে ষষ্ঠস্থান লাভ কৰি আছে। এনে অৱস্থাত ভাৰত ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাটো একেবাৰে সহজ নহয়।
উল্লেখযোগ্য যে ডব্লিউ টি চিৰ চক্রাত প্রতিটো দলক জয়ৰ বাবে ১২ পইন্ট দিয়া হয় আৰু ড্ৰ তথা পৰাজিত হ'লে কোনো পইন্ট দিয়া নহয়। আনহাতে, পূর্বৰ চক্রৰ প্রতি লক্ষ্য কৰিলে দেখা পোৱা যায় যে ফাইনেলত উপনীত হোৱাৰ কাৰণে জয়ৰ হাৰ ৬৪-৬৮% পইন্ট পর্যাপ্ত। এনে অৱস্থাত ভাৰত প্রথম দুটা স্থানত উপনীত হোৱাৰ কাৰণে জয়ৰ শতকৰা হাৰ ৬৪-৬৮%লৈ নিয়াৰ প্রয়োজন হ'ব। সেইটো সম্ভৱ হ'ব যদিহে টীম ইণ্ডিয়াই এই চক্রত এতিয়াও খেলিবলৈ বাকী থকা ৯খন মেচৰ কমেও ৭খন মেচত জয়ী হোৱাৰ প্রয়োজন। সেইটো হ'লে টীম ইণ্ডিয়াৰ ১৩৬ পইন্ট হ'বগৈ আৰু জয়ৰ হাৰ ৬২%ৰ অধিক হ'ব।
আনহাতে, সাতখনত জয়ী হ'লে আৰু এখন ড্র হ'লে টীম ইণ্ডিয়া ফাইনেলত উপনীত হোৱাটো নিশ্চিত হৈ পৰিব। যদিও ৯খন মেচৰ ৮খনত জয়ী হ'লে ফাইনেলত ভাৰতৰ স্থান নিশ্চিত হৈ পৰিব। উল্লেখযোগ্য যে ভাৰতীয় দলে বাকী থকা ৯খন মেচ খেলিব লাগিব শ্রীলংকা, নিউজিলেণ্ড আৰু অষ্টেলিয়াৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে। ভাৰতে প্রথমে শ্রীলংকাত দেশখনৰ বিৰুদ্ধে দুখন টেষ্ট খেলিব। ইয়াৰ পাছত নিউজিলেণ্ডৰ বিৰুদ্ধে দেশখনত দুখন টেষ্ট খেলিব। ভাৰতৰ বাবে এই শৃংখলা দুটা যথেষ্ট প্রত্যাহ্বানমূলক হ'ব। শেষত অষ্টেলিয়াৰ বিৰুদ্ধে ভাৰতত পাঁচখন টেষ্ট খেলিব।
ভাৰতে ফাইনেলৰ আশা জীয়াই ৰখাৰ কাৰণে শ্রীলংকাত ঘৰুৱা দলটোত ২-০ ব্যৱধানত পৰাজিত কৰিব লাগিব। ইয়াৰ পাছত নিউজিলেণ্ডক ২-০ ব্যৱধানত পৰাজিত কৰিব পাৰিলেতো কথাই নাই, সেইটো নোৱাৰিলে এখনত জয়ী আৰু এখন ড্র খেলিব লাগিব। শেষত নিজৰ ঘৰত অষ্টেলিয়াক ৫খন মেচৰ চাৰিখনত পৰাজিত কৰিব লাগিব। ভাৰতে এতিয়ালৈকে দুবাৰ ডব্লিউ টি চিৰ ফাইনেল খেলিছে, কিন্তু এবাৰো খিতাপ জয় কৰিব পৰা নাই ।