ভাৰতত হ'ব ২০৩০ কমনৱেলথ গেমছ

dainik janambhumi October 16, 2025

ডিজিটেল ডেস্ক : ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছিল। বুধবাৰে কমনৱেলথ গেমছৰ কাৰ্যবাহী ব'ৰ্ডে বৃহৎ প্রতিযোগিতাখনৰ আয়োজক চহৰ হিচাপে আহমেদাবাদক নিৰ্বাচন কৰাৰ বিষয়টো নিশ্চিত কৰিছে। অৱশ্যে, ভাৰতত কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব নে নহয় সেই সন্দর্ভত ২৬ নৱেম্বৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 

জানিব পৰা মতে, ২৬ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ'ব লগীয়া কমনৱেলথ গেমছৰ সাধাৰণ পৰিষদত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। ভাৰতীয় কমনৱেলথ গেমছ এছ'চিয়েশ্যন আৰু গুজৰাট চৰকাৰক প্ৰতিনিধিত্ব কৰা এটা প্রতিনিধি দলে ইতিমধ্যেই প্রতিযোগিতাখন আয়োজনৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছিল। ইফালে, কেন্দ্রীয় কেবিনেটে ২৭ আগষ্টত এই মেগা ইভেন্টখনৰ নিবিদাত অনুমোদন জনায়। তাৰ পাছতেই ভাৰতে আনুষ্ঠানিকভাৱে কমনৱেলথ গেমছৰ বাবে নিবিদা দিয়ে।

 ভাৰতে ইয়াৰ পূৰ্বে ২০১০ চনত নতুন দিল্লীত কমনৱেলথ গেমছ আয়োজন কৰিছিল। আনহাতে, ২০৩০ চনৰ কমনৱেলথ গেমছত ৭২খন দেশে অংশ ল'ব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতলৈ বৃহৎ সংখ্যক খেলুৱৈ, প্রশিক্ষক, কর্মকর্তা, বিষয়া, সমর্থক আৰু সংবাদকর্মী আহিব। ইয়াৰ ফলত দেশৰ পৰ্যটন, আতিথ্য, বিপণন আৰু পৰিবহণ খণ্ডত উত্থান ঘটিব।

Share This