অন্য দেশে কৰা অসন্মান ভাৰতে সহ্য নকৰে'

dainik janambhumi October 04, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক উচ্চ প্রশংসা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। ৰাছিয়াৰ খাৰুৱা তেল ক্রয় বন্ধ কৰিবলৈ ভাৰতক আমেৰিকাই হেঁচা দি থকাৰ বিষয়টোত ক্ষোভপ্রকাশ কৰে ৰাষ্ট্ৰপতি পুটিনে।

 পুটিনে কয় যে নতুন দিল্লীয়ে এনেধৰণৰ দাবীৰ ওচৰত কেতিয়াও বশ্যতা স্বীকাৰ নকৰে আৰু অন্য দেশে কৰা অসন্মান ভাৰতে সহ্য নকৰে। ৰুছ ৰাষ্ট্ৰপতিজনে ৰাছিয়াৰ ছোচিত ভালডাই ডিছকাছন ক্লাবৰ প্লেনাৰী ছেছনত ভাষণ দি পুটিনে ভাৰতৰ প্রধানমন্ত্রী মোদীক উচ্চ প্ৰশংসা কৰে। পুটিনে কয় যে প্রধানমন্ত্রী মোদী হৈছে ভাৰসাম্য বজাই ৰখা এজন জ্ঞানী নেতা। মস্কো আৰু নতুন দিল্লীৰ মাজত ' বিশেষ সম্পর্ক' আছে বুলি কৈ পুটিনে এইদৰে কয়।

 পুটিনে কয় যে ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল আমদানি কৰাটো হৈছে এটা সম্পূর্ণ অর্থনৈতিক বিষয়। ইয়াত কোনো ৰাজনীতিৰ কথা নাহে। যদি ভাৰতে ৰাছিয়াৰ শক্তি যোগান ল'বলৈ অস্বীকাৰ কৰে, তেনেহ'লে ভাৰত কিছুমান নির্দিষ্ট লোকচানৰ সন্মুখীন হ'ব। কিন্তু যদি অস্বীকাৰ নকৰে, তেতিয়াও আকৌ নিষেধাজ্ঞাৰ সন্মুখীন হ'বলগীয়া হয়। 

দুয়োফালেই ক্ষতিৰ পৰিমাণ একেই। তেনেহ'লে কিয় ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো বন্ধ কৰিব লাগে বুলি পুটিনে প্রশ্ন কৰে। পুটিনে কয় যে যিখন দেশৰ জনতাই ভাৰতক   পচন্দ কৰে আৰু ভাৰতৰ ৰাজনৈতিক নেতাসকলে লোৱা সিদ্ধান্তসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে, সেইখন ভাৰতক অন্য দেশৰ অপমান সহ্য কৰিবলৈ এৰি দিব নোৱাৰি। পুটিনে কয় যে প্রধানমন্ত্রী মোদীক তেওঁ ভালদৰে জানে, মোদীয়ে কেতিয়াও নিজ দেশৰ অপমান সহ্য নকৰে। মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে শাক্তিমূলকভাৱে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা শুল্কই দেশখনক ক্ষতি কৰিছে, কিন্তু ৰাছিয়াৰ পৰা তেল ক্রয় কৰি থাকিলে ভাৰতে এই ক্ষতিৰ পৰা নিজকে পুনৰ উদ্ধাৰ কৰিব আৰু এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে গৌৰৱেৰে থিয় হৈ থাকিব বুলি পুটিনে মন্তব্য কৰে।

Share This