ডিজিটেল ডেস্ক : ভাৰতীয় মহিলা ক্রিকেট দলে আজি মহিলা টি-২০ বিশ্বকাপৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে ছেমিফাইনেলত স্থান লাভৰ বাবে আজিৰ মেচখনত জয়লাভ কৰিবই লাগিব। ইয়াৰ বাবে দলটোৰ বেটাৰসকলে নিজৰ প্ৰদৰ্শন উন্নত কৰিব লাগিব আৰু ইয়াৰ লগতে ফিল্ডিঙত থকা ত্রুটীসমূহ আঁতৰাব পাৰিব লাগিব।
অৱশ্যে ভাৰতৰ ভাগ্য আজি হ'বলগীয়া দক্ষিণ আফ্রিকা আৰু বাংলাদেশৰ মেচখনৰ ফলৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰিব। এই গ্ৰুপত ৮ পইন্টেৰে অষ্ট্ৰেলিয়া শীর্ষত আছে। ইয়াৰ পাছতে ৬ পইন্টেৰে দক্ষিণ আফ্রিকা আৰু ভাৰতে স্থান লাভ কৰি আছে। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ'ব।