যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ

dainik janambhumi October 19, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে যুঁজাৰু বিমানৰ ইঞ্জিন ক্ৰয়ৰ বাবে ৬৫,৪০০ কোটি টকা ব্যয় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বিষয়াসকলে শুকুৰবাৰে এই তথ্য প্রকাশ কৰি কয় যে ২০৩৫ চনৰ ভিতৰত দেশত থলুৱাভাৱে এই যুঁজাৰু বিমানৰ ইঞ্জিনসমূহ নিৰ্মাণ কৰাৰ প্রচেষ্টা অব্যাহত আছে। যুঁজাৰু বিমানৰ (ফাইটাৰ জেট) এটা প্ৰকাৰৰ বাবে দেশক ১,১০০ ইঞ্জিনৰ আৱশ্যক হৈছে। এই ইঞ্জিনবোৰ নিৰ্মাণৰ বাবে বিভিন্ন স্তৰত প্ৰক্ৰিয়া চলি আছে। দেশৰ চৰকাৰে পৰিচালিত কৰা এটা প্ৰতিৰক্ষা লেবৰেটৰী, গেছ টার্বাইন ৰিছাৰ্চ সংস্থাৰ সঞ্চালক এছ ভি ৰামান্না মূর্তিয়ে এই তথ্য প্রকাশ কৰে। দেশৰ দশক পুৰণি প্ৰতিৰক্ষা কাৰ্যসূচীৰ অংশ হিচাপে থলুৱাভাৱে নির্মিত কাবেৰী ইঞ্জিনৰ সৈতে যুঁজাৰু বিমান তেজসৰ কাৰিকৰী খুঁতৰ বাবে এতিয়াও সফল উৰণ কৰিব পৰা নাই। 

নতুন দিল্লীৰ এটা অনুষ্ঠানত মূর্তিয়ে কয় যে থলুৱা ফাইটাৰ ইঞ্জিনৰ বাবে এটা ইক'ছিষ্টেম সৃষ্টি কৰিবলৈ ভাৰতে এটা অভিযান চলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুর্তিয়ে কয় যে সু-উচ্চতাত পৰীক্ষণৰ সুবিধাসহ ভাৰতক ফাইটাৰ জেটৰ বাবে বহুতো আন্তঃগাঁথনিৰ এতিয়াও প্রায়োজন আছে। এটা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে ভাৰতৰ পঞ্চম জেনেৰেশ্যনৰ যুঁজাৰু বিমান নিৰ্মাণৰ বাবে প্রচেষ্টা অব্যাহত আছে বুলি মূর্তিয়ে কয়। 

ফ্রান্সৰ ছাফৰান, ব্রিটেইনৰ ৰ'লছ ৰইছে আৰু আমেৰিকাৰ জেনেৰেল ইলেক্ট্রিকে এই ক্ষেত্রত আগ্রহ প্রকাশ কৰিছে বুলি মূর্তিয়ে কয়। ২০২৮ চনত শেহতীয়া প্ৰযুক্তিৰ এখন যুঁজাৰু বিমান প্রতিৰক্ষা বাহিনীক উপহাৰ দিয়া হ'ব বুলি মূর্তিয়ে কয়।

Share This