ডিজিটেল ডেস্ক : দুখন মেচ বাকী থকা অৱস্থাতেই শ্রীলংকা মহিলা দলৰ বিৰুদ্ধে ভাৰতে ৫খনীয়া টি-২০ শৃংখলা ৩-০ ব্যৱধানত জয় কৰিলে। ৰেণুকা সিং ঠাকুৰ আৰু দীপ্তি শৰ্মাৰ বলিং বিক্ৰমৰ পাছত শ্বেফালী বাৰ্মাৰ অপৰাজিত ৭৯ ৰানৰ সহায়ত ভাৰতীয় মহিলা দলে কালি তৃতীয় টি-২০ ক্রিকেটত শ্রীলংকাক সহজেই ৮ উইকেটত পৰাজিত কৰে। শ্রীলংকাৰ ৭ উইকেটত ১১২ বানৰ প্ৰত্যুত্তৰত ভাৰতে ১৩.২ অ'ভাৰতে দুটা উইকেট হেৰুৱাই ১১৫ ৰান কৰি জয়লাভ কৰে।
শ্বেফালীয়ে ৪২টা বল খেলি অপৰাজিত ৭৯ ৰান কৰি ভাৰতলৈ জয় কঢ়িয়াই আনে। স্মৃতি মান্ধানা (১) আৰু জেমিমা ৰড্রিগুয়েজ (৯) ব্যর্থ হয়। আনহাতে হৰমনপ্রীত কৌৰে ২১ ৰানত বেট ধৰি থাকে। ইয়াৰ আগেয়ে, পেচাৰ ৰেণুকা সিং ঠাকুৰে ২১ ৰানত দখল কৰা ৪টা উইকেটৰ সহায়ত শ্রীলংকাক ৭ উইকেটত ১১২ ৰানত সীমিত ৰাখিছিল ভাৰতে।
৫খনীয়া শৃংখলাত ইতিমধ্যে ২-০ ব্যৱধানত আগুৱাই থকা ভাৰতীয় দলৰ আকর্ষণীয় বলিঙত তিষ্ঠিব নোৱৰা অতিথি দলটোৰ হৈ তিনিগৰাকী বেটাৰে কিছু প্ৰতিৰোধ গঢ়িবলৈ সক্ষম হয়। হাছিনী পেৰেৰাই ২৫, ইমেশ্বা ভুলানীয়ে ২৭ আৰু কাবিশ্বা ডিলহাৰীয়ে ২০ ৰান কৰে। ভাৰতৰ হৈ ৪টা উইকেট লোৱা ৰেণুকাক যোগ্য সহযোগিতা আগবঢ়োৱা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই ১৮ ৰান খৰচ কৰি তিনিটা উইকেটৰ পতন ঘটায়।