বিশ্ব বক্সিং ফিউচাৰ্ছ কাপ, চন্দ্ৰিকাৰ স্বৰ্ণসহ ভাৰতৰ পাঁচ পদক

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: ভাৰতে কালি অনুষ্ঠিত বিশ্ব বক্সিং ফিউচাৰ্ছ কাপত এটা স্বর্ণপদকসহ পাঁচটা পদকেৰে অভিযানৰ সামৰণি মাৰে। যুৱ অলিম্পিক ওজন শাখাত প্রতিদ্বন্দ্বিতা কৰি ভাৰতৰ ১৯ বছৰ অনূর্ধ্বৰ পুৰষ আৰু মহিলা বক্সাৰসকলে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখে। 

ভাৰতীয় অভিযানৰ নেতৃত্ব লয় চন্দ্রিকা পূজাৰীয়ে। তেওঁ মহিলাৰ ৫১ কেজি শাখাত অনবদ্য প্ৰদৰ্শন কৰি উজবেকিস্তানৰ মাৰ্দোনভ নাজোকটক বিচাৰকৰ সৰ্বসন্মত সিদ্ধান্তক্রমে পৰাজিত কৰি শীৰ্ষ স্থান অধিকাৰ কৰাৰ লগতে স্বর্ণ পদক জয় কৰে। ইফালে তিনিগৰাকী ভাৰতীয় বক্সাৰে নিজ নিজ ওজন শাখাৰ ফাইনেলত উপনীত হৈ ৰূপৰ পদক জয় কৰে। 

গুঞ্জন (৪৮ কেজি) ইংলেণ্ডৰ প্ৰতিদ্বন্দ্বীৰ হাতত ৫-০ সিদ্ধান্ত ক্রমে পৰাজিত হয়। আনহাতে, জয়শ্রী দেবীয়ে (৫৪ কেজি) তীব্র প্রত্যাহ্বান জনায়ো আমেৰিকান প্রতিদ্বন্দ্বীৰ হাতত ৪-১ ব্যৱধানত পৰাজিত হয়। পুৰুষৰ ৫০ কেজি শাখাত  এল অন্বেকাৰ মেইতেই ফাইনেলত ইউক্রেইনৰ বক্সাৰৰ হাতত পৰাজিত হৈ ৰূপৰ পদক জয় কৰে। ইয়াৰ আগতে ৰাধামণি লংজামে (৫৭ কেজি) ব্ৰঞ্জৰ পদক জয় কৰিছিল।

Share This