আঢ়ৈ দিনতে জয়ী ভাৰত

dainik janambhumi June 09, 2026

ডিজিটেল ডেস্ক : মাথোঁ আঢ়ৈ দিনৰ ভিতৰত একমাত্র টেষ্টখনত আফগানিস্তানক এক ইনিংছ আৰু ৩০০ ৰানত পৰাজিত কৰে ভাৰতে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ এয়াই হৈছে সৰ্ববৃহৎ জয়। ভাৰতৰ ৮ উইকেটত ৫৬৪ ৰানৰ প্ৰত্যুত্তৰত আফগানিস্তানে দুই ইনিংছত সংগ্ৰহ কৰে ক্ৰমে ১৫২ আৰু ১১২ ৰান। অভিষেক টেষ্টখনতে মেন অব্ দ্য মেচৰ সন্মান লাভ কৰে ভাৰতৰ মানৱ সুথাৰে। ২০১৮ চনত আফগানিস্তানৰ বিৰুদ্ধে এক ইনিংছ আৰু ২৬২ ৰানৰ জয়ৰ ব্যৱধানো ভংগ কৰিলে ভাৰতে। আফগানিস্তানৰ বিৰুদ্ধে এইবাৰৰ একমাত্র টেষ্টখনত সমৰ্থকৰ প্রত্যাশা পূৰণ কৰিয়েই জয়লাভ কৰে ভাৰতীয় দলে। ভাৰতৰ ৮ উইকেটত বিশাল ৫৬৪ ৰানৰ প্ৰত্যুত্তৰত আফগানিস্তানে দ্বিতীয় দিনৰ খেলৰ অন্তত প্রথম ইনিংছত সংগ্ৰহ কৰিছিল ৫ উইকেটত ১১৩ ৰান। 

২২ গজত অপৰাজিত আছিল ৰহমত শ্বাহ (৪৩)। ৰহমতে শেষ পর্যন্ত সংগ্ৰহ কৰে ৬০ ৰান। আফগানিস্তানৰ আন কোনো বেটাৰে ভাৰতীয় বলিং আক্রমণত তিষ্ঠিব নোৱাৰিলে। আজি তৃতীয় দিনা আন ৩৯ ৰান যোগ দিয়েই ১৫২ ৰানত প্ৰথম ইনিংছ সামৰে। ইয়াৰ মূলতে আছিল অভিষেক ঘটোৱা মানৱৰ দুৰন্ত বলিং, য'ত তেওঁ ৩৩ ৰানত দখল কৰে ছটা উইকেট। প্রসিদ্ধ কৃষ্ণই ৩৭ ৰানত পায় তিনিটা উইকেট। ৪১২ ৰানত পিছ পৰি ফল' অ'নৰ সন্মুখীন হোৱা আফগানিস্তানে দ্বিতীয় ইনিংছতো বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। 

মাথোঁ ৩৫.৫ অ'ভাৰত ১১২ ৰানত দ্বিতীয় ইনিংছ সামৰি তৃতীয় দিনা ইনিংছ ব্যৱধানত পৰাজিত হয় অতিথি দলটো। দলৰ হৈ অ'পেনাৰ ছেডিকুল্লা অটলে সর্বাধিক ৪২ আৰু তিনি নম্বৰত বেট ধৰা ৰহমাতুল্লা গুৰবাজে ২৪ ৰান কৰে। দ্বিতীয় ইনিংছত ভাৰতৰ সফলতম বলাৰ ৱাশ্বিংটন সুন্দৰে ৩৬ ৰানত সর্বাধিক ৪টা, কুলদীপ যাদৱে ৩০ ৰানত তিনিটা, সুথাৰে ২৯ ৰানত ১টা আৰু মহম্মদ ছিৰাজে পায় ১টা উইকেট।

Share This