৩-১ত শৃংখলা জয় ভাৰতৰ, পঞ্চম টি-২০ত দক্ষিণ আফ্রিকা ৩০ ৰানত পৰাজিত

dainik janambhumi December 20, 2025

ডিজিটেল ডেস্ক : তিলক বার্মা (৭৩) আৰু হার্দিক পাণ্ডিয়াৰ (৬৩) লগতে বৰুণ চক্রৱর্তীয়ে দখল কৰা ৪টা উইকেটৰ সহায়ত দক্ষিন আফ্রিকাক কালি পঞ্চম তথা অন্তিম টি-২০ ক্রিকেটত ৩০ ৰানত হৰুৱাই শৃংখলা ৩-১ ব্যবধানত হস্তগত কৰে ভাৰতে। পোনতে বেট ধৰি ভাৰতে ৫ উইকেটত ২৩১ ৰান কৰে। পৰৱৰ্তী সময়ত দক্ষিন আফ্রিকাক ভাৰতে ৮ উইকেটত ২০১ ৰানত সীমিত ৰাখে। 

কুইন্টন ডে' কক (৬৫) আৰু ডেৱাল্ড ব্রেভিজ (৩১) ক্লিনজত থকালৈকে দক্ষিণ আফ্রিকাৰ জয়ৰ আশা সজীব আছিল। পিছে উভয়ে বিদায় লোৱাৰ পাছতেই দক্ষিণ আফ্রিকাই খৰতকীয়াকৈ উইকেট হেৰুৱাই পৰাজয়বৰণ কৰে। দক্ষিণ আফ্রিকাই এটা সময়ত ১০ অ'ভাৰত এটা উইকেট হেৰুৱাই ১১৮ বান কৰি শক্তিশালী অবস্থানতে আছিল। পিছে বৰুণে বিপজ্জনক এইডেন মার্কৰাম আৰু ডনভান ফেৰেইৰাক বিদায় দি খেল ভাৰতৰ সপক্ষে তুলি নিয়ে। বৰুণে ৫৩ ৰানত সর্বাধিক ৪টা আৰু যশপ্রীত বুমৰাহে দখল কৰে ২টা উইকেট। ইয়াৰ আগেয়ে হার্দিকৰ অভিলেখ সৃষ্টিকাৰী অর্ধশতৰান আৰু তিলক বার্মাৰ মসৃণ ৭৩ ৰানৰ সহায়ত ভাৰতে ৫টা উইকেট হেৰুৱাই ২৩১ ৰান কৰিছিল।

 ভাৰতৰ হৈ টি-২০ ক্রিকেটত দ্বিতীয় দ্রুততম অর্ধশতক গোটোৱা হার্দিকে ২৫টা বলত ৬৩ ৰান কৰি আউট হয়। মাথোঁ ১৬টা বলত অর্ধশতক কৰা হার্দিকে ৫টাকৈ ছয় আৰু সমসংখ্যক চাৰিৰে নিজৰ ইনিংদুটো সজায়। হার্দিকে চতুর্থ উইকেটত তিলকৰ সৈতে মাত্র ৪৪টা বলত ১০৪ ৰানৰ ফুটি বান্ধি ভাৰতৰ ইনিংডু শক্তিশালী অৱস্থানলৈ তুলি নিয়ে। তিলকে ৪২টা বল খেলি ১০টা চাৰি আৰু এটা ছয়েৰে নিজৰ ইনিংছটো সজায়। অধিনায়ক সূর্যকুমাৰ যাদব (৫) পুনৰ ব্যৰ্থ হ'লেও সঞ্জু ছেমছনে ৩৭, অভিষেক শর্মাই ৩৪ ৰানৰ উপযোগী বৰঙনি যোগায়।

Share This