শুল্কমুক্ত হ'ব আমেৰিকালৈ ৰপ্তানি কৰা ভাৰতৰ কৃষি সামগ্ৰী

dainik janambhumi February 08, 2026

ডিজিটেল ডেস্ক: ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা কৃষিজাত সামগ্ৰীত আমেৰিকাই কোনো ধৰণৰ শুল্ক আৰোপ নকৰে, ইয়াৰ বিপৰীতে আমেৰিকাৰ পৰা ভাৰতে আমদানি কৰা কৃষিজাত সামগ্ৰীত কোনো ধৰণৰ শুল্ক ৰেহাই দিয়া নহ'ব। ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তিৰ ৰূপৰেখা (ফ্ৰেমৱৰ্ক) ঘোষণা কৰি বাণিজ্য মন্ত্রী পীযূষ গোৱেলে এই কথা প্রকাশ কৰে। তেটটওঁ কয় যে ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা কৃষিজাত সামগ্ৰী শুল্কমুক্ত হ'ব আৰু আমেৰিকাৰ পৰা ভাৰতলৈ আমদানি কৰা কৃষিজাত সামগ্রীত শুল্ক ৰেহাই দিয়া নহয়।

গোৱেলে লগতে এই কথাও স্পষ্ট কৰে যে এই চুক্তিৰ অধীনত আমেৰিকাৰ জেনেটিকেলি মডিফাইড (জি এম) খাদ্য সামগ্রী ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। তেওঁ কয় যে এই চুক্তিয়ে ভাৰতৰ ৰপ্তানিকাৰীসকলৰ বাবে গেৰুৱা প্রায় ৩০ লাখ ডলাৰৰ অৰ্থাৎ প্রায় ২৭.১৮ লাখ কোটি টকাৰ বজাৰ মুকলি কৰিব। ইয়াৰ লগতে ভাৰতে অহা পাঁচ বছৰত আমেৰিকাৰ পৰা ৫০ হাজাৰ কোটি ডলাৰৰ অৰ্থাৎ প্রায় ৪৫ লাখ ৩০ হাজাৰ কোটি টকাৰ সামগ্ৰী ক্রয় দিয়াৰ কৰাত সন্মতি জনোৱা হৈছে। 

উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাই কালি অন্তৰ্ৱর্তী বাণিজ্য চুক্তিৰ (আই টি এ) ৰূপৰেখা প্রকাশ কৰে। ইয়াৰ অধীনত আমেৰিকাই কালিৰে পৰা ভাৰতৰ পৰা ক্ৰয় কৰা সামগ্ৰীত আৰোপ কৰা শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্রাস কৰে। ইয়াৰ লগতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে আৰোপ কৰা অতিৰিক্ত ২৫% শুল্কও সম্পূৰ্ণৰূপে প্রত্যাহাৰ কৰে। আন কথাত এতিয়াৰ পৰা ভাৰতীয় সামগ্ৰীত মাত্র ১৮% শুল্কহে আৰোপ কৰা হ'ব। 

গোৱেলে কয় যে কালি ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ যাত্ৰাৰ বাবে এটা উল্লেখনীয় দিন। তেওঁ কয় যে আমেৰিকাই ভাৰতৰ বাবে ভালেমান সামগ্ৰীত শুল্কৰ হাৰ শূন্য শতাংশ কৰে। ইয়াৰ ভিতৰত মণি-মুকুতা, গহনা-গাঠৰি, কৃষিজাত সামগ্রী, ঔষধ আৰু আন সামগ্রীও আছে। উদ্যোগ মন্ত্রীয়ে কয়, 'আমি আমেৰিকাৰ কোনো দুগ্ধজাত সামগ্ৰীত কৰ ৰেহাই দিয়া নাই। ইয়াৰ লগতে কৃষিখণ্ডতো ৰেহাই দিয়া হোৱা নাই।' গোৱেলে কয় যে মাংস, চেনি, হাহ-কুকুৰা, দুগ্ধজাত সামগ্রী, ছয়াবিন, মাকৈ, ধান-চাউল, ঘেঁহু, জোৱাৰ, বজৰা, ৰাগী, অমৰনাথ, ফল, গ্রীন টি কোকা, বুত, পশু খাদ্য, এলকহল নথকা সামগ্রী, ইথানল তথা ধঁপাতজাত সামগ্ৰীত কোনো ধৰণৰ ৰেহাই দিয়া হোৱা নাই।' চুক্তিৰ পৰিকাঠামোক লৈ দুয়োখন দেশে জাৰি কৰা যুটীয়া বিবৃতিত এই কথা কোৱা হৈছে ভাৰতৰ কৃষি খণ্ডৰ বজাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰখা হৈছে। 

ভাৰতে স্পৰ্শকাতৰ বুলি গণ্য কৰা কৃষিজাত আৰু দুগ্ধজাত সামগ্ৰীত কোনো ধৰণৰ শুল্ক ৰেহাই দিয়া নাই। এই অন্তৰ্ৱৰ্তী চুক্তিৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতে নিজৰ গ্ৰামীণ অর্থ ব্যৱস্থাৰ মূল ভেটিক লৈ কোনো ধৰণৰ বুজাপৰা নকৰে। গোৱেলে কয় যে এই চুক্তিত ভাৰতীয় কৃষি আৰু দুগ্ধজাত সামগ্রীক সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখি কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে গ্রামীণ জীৱিকা সুৰক্ষিত কৰি ৰখাত ভাৰতৰ প্ৰতিশ্রুতিবদ্ধতাক প্রতিফলিত কৰিছে। 

ইফালে হোৱাইট হাউছৰ তৰফৰ পৰা প্ৰকাশ কৰা যুটীয়া বিবৃতিত ট্রাম্প প্রশাসনে ২৫% অতিৰিক্ত শুল্ক প্রত্যাহাৰ কৰি স্পষ্টভাৱে এই বুলি ভাবুকি দিয়ে যে যদিহে ৰাছিয়াৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে খাৰুৱা তেলৰ আমদামি অব্যাহত ৰাখে তেতিয়া এই শুল্ক পুনৰ আৰোপ কৰা হ'ব। বিবৃতিটোত হোৱাইট হাউছে কয় যে বাণিজ্য মন্ত্রী, ৰাষ্ট্ৰ, বিত্ত বিভাগ আৰু আন জ্যেষ্ঠ বিষয়াসকলে মিলি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি পুনৰ আৰম্ভ কৰিছে নেকি সেইটো নিৰীক্ষণ কৰি থাকিব। যদিহে ভাৰতে পুনৰ ৰাছিয়াৰ পাৰ খাৰুৱা তেল আমদানি কৰে তেতিয়া ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ভাৰতৰ বিৰুদ্ধে শুল্ক পুনৰ আৰোপ কৰাৰ অধিকাৰ থাকিব। এই যুটীয়া বিবৃতিটোৰ তাৎপৰ্যপূৰ্ণ দিশটো হ'ল ভাৰতৰ পৰম্পৰাগত খাদ্য শস্য তথা দুগ্ধজাত সামগ্রী উৎপাদন কৰা কৃষকসকল আমেৰিকাৰ সামগ্ৰীক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই। কিয়নো অন্তৰ্ৱর্তী চুক্তিত আমেৰিকাৰ পৰা ঘেঁহু, চাউল, গাখীৰ (তৰল বা পাউডাৰ), পনীৰ, কল বা আন ফলমূলৰ আমদানি মঞ্জুৰ কৰা হোৱা নাই। অৱশ্যে পশু খাদ্য, আমেৰিকাৰ সুৰা, ছয়াবিন তেল আধাৰতে আৰু আন কিছুমান সামগ্ৰীৰ ৰপ্তানি দ্রুতগতিত বৃদ্ধি পাব, কিয়নো এই সামগ্ৰীসমূহৰ আমদানিত থকা বাধা আঁতৰ কৰা হৈছে। অন্তৰ্ৱর্তী চুক্তিত কোৱা হৈছে, আমেৰিকাই জেনেৰিক ঔষধ, হীৰা-অলংকাৰ আৰু বিমানৰ অংশ-পাতিৰ দৰে ভাৰতীয় উৎপাদিত সামগ্রীত অতিৰিক্ত শুল্ক প্রত্যাহাৰ কৰে। আমেৰিকাই কিছুমান সামগ্ৰীত আৰোপ কৰা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জডিত শুল্কও প্রত্যাহাৰ কৰে। ইয়াৰ বিনিময়ত ভাৰতক যান-বাহনৰ অংশ-পাতিত বিশেষ ৰেহাই দিব।' 

ইফালে গোৱেলে কয় যে এই চুক্তিৰ জৰিয়তে মজলীয়া, লঘু, ক্ষুদ্র উদ্যোগ, কৃষক, মাছমৰীয়া, মহিলা আৰু যুৱপ্ৰজন্ম লাভান্বিত হ'ব। ৰপ্তানি বৃদ্ধি পোৱাৰ ফলত কেইবা লাখ নতুন চাকৰিৰ সুযোগ সৃষ্টি হ'ব। ভাৰতে আমেৰিকাৰ আইনৰ ২৩২ ধাৰাৰ অধীনত ৰেহাই লাভ কৰিব। অৱশ্যে আমেৰিকাৰ পশু খাদ্যৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰি দিয়া হ'ব। আমেৰিকাত পশু খাদ্য পর্যাপ্ত পৰিমাণে আছে যদিও ভাৰতত অভাৱ। ইয়াৰ ফলত দুগ্ধ আৰু পশুপালন খণ্ডই সকাহ পোৱাৰ আশা কৰা হৈছে। ভাৰত আৰু আমেৰিকাই অৰ্থনৈতিক সুৰক্ষা, যোগান শৃংখলাক শক্তিশালী কৰাৰ লগতে কাৰিকৰী সহযোগিতাও অধিক গভীৰ কৰিব। এই চুক্তিয়ে আমেৰিকাৰ পৰা ভাৰতে কৰা আমদানিৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাব। দুয়োখন দেশৰ প্ৰযুক্তিৰ ব্যৱসায়ে নতুন মাত্রা লাভ কৰিব। ইফালে যুটীয়া বিবৃতি জাৰি কৰাৰ পাছতে এই চুক্তিক কালিৰ পৰা কাৰ্যকৰী কৰি ৰাষ্ট্ৰপতি ট্রাম্পে কাৰ্যকৰী আদেশত স্বাক্ষৰ কৰে। দুয়োখন দেশে এনেধৰণৰ মূল নীতি তৈয়াৰ কৰিব যাৰ জৰিয়তে এই চুক্তিয়ে দুয়োখন দেশক উপকৃত কৰিব।

Share This