ডিজিটেল ডেস্ক : যোৱা বছৰ ভাৰত আৰু চীনৰ নেতাসকলে কিছু বিষয়ত ঐকমত্যত উপনীত হোৱা বিষয়বোৰ কাৰ্যকৰী কৰিবৰ বাবে ভাৰতৰ শীৰ্ষ কূটনীতিকে অলপতে চীনৰ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। চীনৰ বিদেশ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই কথা জনায়।
চীনত থকা ভাৰতৰ ৰাষ্ট্রদূত প্রদীপ কুমাৰ ৰাৱট আৰু চীনৰ উপ-বিদেশ মন্ত্ৰী ছুন ৱেইডঙৰ মাজত বৃহস্পতিবাৰে এই আলোচনা হয়। উল্লেখযোগ্য যে ছুন হৈছে ভাৰতত চীনৰ প্ৰাক্তন ৰাষ্ট্ৰদূত। ইতিমধ্যে সন্মত হোৱা বিষয়বোৰ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত দুয়োজনে আলোচনা কৰাৰ উপৰি তেওঁলোকে উমৈহতীয়া সমস্যাবোৰত মত বিনিময় কৰে।
উল্লেখযোগ্য যে যোৱা বছৰ দুয়োখন দেশৰ মাজত হোৱা আলোচনাত ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে তিৰ্বতৰ কৈলাস মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ কথাও আলোচনা হৈছিল।