ডিজিটেল ডেস্ক : ভাৰতে অপাৰেশ্যন সেন্দূৰৰ যোগেদি এক নতুন ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নীতিৰ উন্মোচন কৰিলে আৰু সন্ত্রাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ লক্ষ্যত সফল হ'ল তথা পাকিস্তানতকৈ দেশখনৰ সামৰিক শ্রেষ্ঠতা প্ৰদৰ্শন কৰিলে। ৰণকৌশলৰ এজন বিশেষজ্ঞই বুধবাৰে এই কথা কয়। আমেৰিকাস্থিত থিংকটেংক মডার্ন ৱাৰ ইনষ্টিটিউটৰ 'আৰবান ৱাৰফেয়াৰ ষ্টাডিজ'ৰ অধ্যক্ষ জন স্পেন্সাৰে কয় যে ৭ মে'ত আৰম্ভ কৰা অপাৰেশ্যনৰ যোগেদি ভাৰতে পাকিস্তানৰ যিকোনো লক্ষ্যত যিকোনো সময়ত যিকোনো প্রকাৰে আক্ৰমণ কৰাৰ ক্ষমতা প্রদর্শন কৰিলে তথা সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্রাসবাদৰ বাবে এক নতুন 'লক্ষ্মণৰেখা' (ৰেডলাইন) অংকন তথা বলৱৎ কৰিলে।
উল্লেখযোগ্য যে মডাৰ্ন ৱাৰ ইনষ্টিটিউটে নিজকে ইউনাইটেড ষ্টেটছ মিলিটেৰী একাডেমিত এক ৰাষ্ট্ৰীয় সমল বুলি কয়, যি শেহতীয়া বা চলি থকা সংঘর্ষ-যুদ্ধৰ বিষয়ে অধ্যয়ন কৰে। উল্লেখযোগ্য যে পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদীৰ শিবিৰ, কাৰ্যালয়, প্রশিক্ষণ শিবিৰ আদি ৯টা স্থানত আক্ৰমণ কৰিছিল। আনহাতে, ইয়াৰ পাছত পাকিস্তানে ভাৰতৰ সামৰিক শিবিৰ, সৰঞ্জাম তথা অসামৰিক স্থানত আক্ৰমণৰ চেষ্টা কৰিছিল। কিন্তু উক্ত চেষ্টা বিফল কৰি ভাৰতে অপাৰেশ্যন সেন্দূৰৰ অধীনত চাৰিটা দিনত পাকিস্তানত প্রবল প্রত্যাক্ৰমণ কৰিছিল। জন স্পেন্সাৰে ভাৰত-পাক যুদ্ধ বিষয়ৰ এটা লেখাত কয়, 'সন্ত্রাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰি, সামৰিক শ্রেষ্ঠতা প্রদর্শন কৰি, পুনৰ যুদ্ধ-বিৰতি স্থাপন কৰি আৰু এক নতুন ৰাষ্ট্ৰীয় সুৰক্ষাৰ নীতি উন্মোচন কৰি অপাৰেশ্যন সেন্দূৰে ৰণ-কৌশলগত লক্ষ্যত সফল হোৱাই নহয়, চেৰাই গ'ল।'
যুদ্ধৰ বিভিন্ন দিশ বিশ্লেষণ কৰি স্পেন্সাৰে কয় যে এক 'নতুন লক্ষ্মণৰেখা অঁকা হ'ল আৰু বলৱৎ কৰা হ'ল, যিটো হৈছে- পাকিস্তানৰ মাটিৰ পৰা হোৱা সন্ত্রাসবাদী আক্রমণক এতিয়া সামৰিক শক্তিৰে প্ৰত্যুত্তৰ দিয়া হ'ব।' তেওঁ আৰু কয়, 'এইটো এটা ভাবুকি নহয়, পূর্ব-দৃষ্টান্ত।' স্পেন্সাৰে উল্লেখ কৰে, 'ভাৰতে যিকোনো সময়তে, যিকোনো প্ৰকাৰে পাকিস্তানত থকা লক্ষ্যত সন্ত্রাসবাদীৰ স্থান, ড্ৰ'নৰ কেন্দ্ৰ, আনকি বিমান ঘাটিত আঘাত কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিলে। কিন্তু পাকিস্তানে ভাৰতৰ ভিতৰৰ এটাও প্ৰতিৰক্ষিত (ডিফেণ্ডেড) অঞ্চলত প্ৰৱেশ কৰিবলৈ সক্ষম নহ'ল।' স্পেন্সাৰৰ মতে, 'ই সমতুল্য নহয়। ই প্রবলভাৱে প্ৰভুত্ব। আৰু তেনেকৈ প্ৰকৃত বিৰতি স্থাপন কৰা হ'ল।'