ভাৰতীয় সেনাত অত্যাধুনিক 'ভৈৰৱ বেটেলিয়ন', শেহতীয়া যুদ্ধ কৌশলত পাকৈত নতুন সৈন্যবলক মোতায়েন কৰিব সীমান্তত

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক : যুদ্ধক্ষেত্রব বাবে ভাৰতীয় সেনাক অধিক শক্তিশালী কৰিবলৈ দেশৰ প্ৰতিৰক্ষা মন্ত্র্যালয়ে সামৰিক বাহিনীত এটা গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। ভাৰতীয় সামৰিক বাহিনীক অধিক দক্ষ আৰু সবল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনাত এটা নতুন শক্তিশালী শাখা আৰম্ভ কৰিছে। শেহতীয়া বছৰসমূহত ভাৰতীয় সেনাক যুদ্ধ কৌশলেৰে সমৃদ্ধ কৰি অহা ইউনিটসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সাংগঠনিক ইউনিট 'ভৈৰৱ বেটেলিয়ন' মুকলি কৰিছে প্রতিৰক্ষা মন্ত্র্যালয়ে। এই নতুন 'ভৰৱ বেটেলিনয়ন'ৰ সৈন্য প্রযুক্তি চালিত যুদ্ধ কৌশলত পাকৈত আৰু শত্ৰুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাৰ বাবে প্রশিক্ষণপ্রাপ্ত।

২০২৫ চনতে এই ভৈৰৱ বেটেলিনয়ৰ বাবে প্রস্তুতি চলোৱা হৈছিল। শেহতীয়া বর্ষবোৰত বিশ্বৰ বিভিন্ন অংশত চলি থকা যুদ্ধ-সংঘৰ্ষবোৰৰ পৰা শিক্ষা লৈ ভাৰতীয় সেনাই এই নতুন বেটেলিয়ন 'ভৈৰৱ'ৰ জন্ম দিয়ে। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যই শেহতীয়া যুদ্ধ কৌশল প্রযুক্তিৰ ড্ৰ'ন, চাইবাৰ সমর্থিত অভিযান, দ্রুত আৰু সৰু সৰু দলত বিভক্ত হৈ অভিযান চলোৱাৰ ক্ষেত্ৰত সিদ্ধহস্ত হ'ব। উল্লেখযোগ্য যে ভাৰতৰ চুবুৰীয়া দেশৰ সীমাৰ সিপাৰৰ পৰা অহা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ পৰম্পৰাগত সেনা বাহিনী পর্যাপ্ত নহয় বুলি ধাৰণা কৰাৰ পাছতেই ভাৰতে এই নতুন প্রযুক্তিৰ যুদ্ধ কৌশলেৰে সমৃদ্ধ 'ভৈৰৱ বেটেলিয়ন'ৰ সূচনা কৰাৰ সিদ্ধান্ত লয়। বিশ্বত সাম্প্রতিক সময়ত ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ লগতে ভাৰতৰ নিজা সীমান্তত উত্তেজনায়ো দেশৰ সামাজিক বাহিনীত দ্রুত অভিযান চলোৱাৰ বাবে এটা পার্গত বৃহৎ সৈন্যবলৰ প্ৰয়োজন হৈছিল।

এই 'ভৈৰৱ'ৰ ধাৰণাটো অতি সবল, এটা ক্ষুদ্র, কিন্তু দৃঢ় সৈন্যবল, যিয়ে সৰু সৰু গোটত বিভক্ত হৈ স্বতন্ত্রভাবে শত্রুৰ বিৰুদ্ধে দ্রুত অভিযান চলোৱাত পাকৈত। এই বেটেলিয়নৰ প্রতিটো গোটত ২০০-২৫০জন সৈন্য থাকিব আৰু প্রতিটো দৃঢ়মনৰ দলক নেতৃত্ব দিব একোজনকৈ বিষয়াই। এই 'ভৈৰৱ বেটেলিয়ন'ৰ সৈন্যবলৰ শত্ৰুৰ এলেকাৰ ভিতৰলৈ আঘাত হানিব পৰা সক্ষমতা থাকিব। এই নতুন ইউনিটটোক সীমান্তৰ সমীপত মোতায়েন কৰা হ'ব। ভাৰতীয় সেনাৰ নিজৰ ভাষাত, 'আজিৰ নিশাৰ ভিতৰতে যুঁজ কৰিবলৈ গঢ় দিয়া হৈছে 'ভৈৰৱ বেটেলিয়ন 'ক, অর্থাৎ এটা সংক্ষিপ্ত জাননীতে যুদ্ধক্ষেত্ৰলৈ অগ্ৰসৰ হ'ব পৰা সক্ষম এই নতুন সৈন্যবল।'

Share This