ডিজিটেল ডেস্ক : পহলগামৰ হত্যাকাণ্ডৰ উচিত প্রত্যুত্তৰ দিয়াৰ প্ৰস্তুতি চলাইছে ভাৰতে। ইয়াৰ মাজতে শুকুৰবাৰে দেশৰ সেনাপ্রধানে শ্রীনগৰত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। প্ৰতিৰক্ষা সূত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনাৰ তিনিওটা বাহিনী ক্রমে স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাই সীমান্তৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানসমূহত নিজৰ সক্রিয়তা তথা সৈন্য সঞ্চালন আৰু অস্ত্র মোতায়েন ক্ষিপ্র কৰি তুলিছে। ভাৰতীয় সশস্ত্র বাহিনী যিকোনো পৰিস্থিতিৰ বাবে সাজু হোৱা বুলি সূত্ৰটোৱে লগতে প্রকাশ কৰে।
সূত্ৰটোৰ মতে, ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশ পালেই ব্যৱস্থা গ্রহণৰ বাবে সাজু হৈ আছে ভাৰতীয় সেনা। উল্লেখযোগ্য যে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল অ' চি) অগ্রণী স্থানসমূহত স্বাভাৱিক অৱস্থাতে স্থল সেনা সষ্টম হৈ থাকে, কিন্তু পহলগামত কৰা আক্ৰমণৰ পাছত সেনাৰ গতিবিধি অধিক বৃদ্ধি কৰা হৈছে। ৰাজস্থান সীমান্তৰ বিভিন্ন স্থানত সামৰিক অনুশীলন কৰি থকা হৈছে। অৱশ্যে সেনাই ইয়াক নিয়মীয়া অনুশীলন বুলিহে কয়। সূত্ৰসমূহৰ মতে, দক্ষিণ কাশ্মীৰ আৰু এল অ' চিৰ আশে-পাশে ভিক্টৰ ফ'ৰ্ট, ৰাষ্ট্ৰীয় ৰাইফল্ আৰু পেৰা স্পিচিয়েল ফ'ৰ্টৰ গোটক সষ্টম কৰি ৰখা হৈছে। এই বাহিনীকেইটা অনুপ্ৰৱেশ প্ৰতিৰোধ আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে সক্ষম বুলি কোৱা হৈছে। উল্লেখযোগ্য যে সীমান্তত ব'ফ'ৰ্ছ, ধনুষ, কে-৯ বজ্র, স্বয়ংচালিত হাউৱিৎজাৰ তোপ আগৰে পৰাই মোতায়েন কৰা আছে। সীমান্তৰ অগ্ৰণী চকীসমূহত এতিয়া টি-৯০ ভীষ্ম টেংক আৰু স্পাইকৰ দৰে অত্যাধুনিক টেংক বিধ্বংসী গাইডেড মিছাইল প্রণালী, পিনাকা ক্ষেপমাস্ত্র প্রণালী মোতায়েন কৰা হৈছে। হেৰ'ন আৰু স্বদেশী ড্ৰ'নৰ দ্বাৰা সীমান্ত অহর্নিশে চকু ৰখা হৈছে। ইফালে ভাৰতীয় বায়ু সেনাই নিজৰ ঘাটিসমূহ যিকোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ সষ্টম কৰি তুলিছে।
বিশেষকৈ সীমান্তৰ কাষত থকা ঘাটিসমূহ অধিক এলার্ট কৰি ৰখা হৈছে। জম্মু আৰু শ্রীনগৰৰ লগতে পঞ্জাবত থকা বায়ু সেনাৰ ঘাটিৰ পৰা যিকোনো মুহূর্ততে অভিযান চলাব পৰাকৈ এছ ইউ-৩০ এম কে আই, মিৰাজ-২০০০ আৰু ৰাফেলৰ দৰে যুঁজাৰু বিমান সাজু কৰি ৰখা হৈছে। ভাৰতীয় বিমান বাহিনীয়ে কালি সমগ্র নিশাটো এল অ' চিত যুঁজাৰু বিমানৰ উৰণেৰে অনুশীলন কৰে। বায়ু সেনাৰ প্ৰয়োজন সাপেক্ষে যিকোনো মুহূৰ্ততে অভিযানৰ বাবে সষ্টম হৈ আছে। ইফালে এৱাক্ছ আৰু এ ই ডব্লিউ এণ্ড চি বিমানেৰে পাকিস্তানী বায়ু সেনাৰ গতিবিধিৰ ওপৰত চকু ৰখা হৈছে। নৌ সেনায়ো পশ্চিম সীমান্তত নিজৰ নিৰীক্ষণ আৰু উপস্থিতি অধিক শক্তিশালী কৰিছে। ভাৰত মহাসাগৰতো নৌ সেনাই নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিছে। পাকিস্তানী নৌ সেনাৰ কাৰ্যকলাপৰ প্ৰতি চকু ৰখাৰ কাৰণে পি-৮১ পছেডন বিমান মোতায়েন কৰা বুলি জনা গৈছে। আনহাতে আৰব সাগৰত ক্ষেপণাস্ত্র বিধ্বংসী আৰু ফ্রিগেছৰ দৰে জাহাজৰ উপস্থিতি বৃদ্ধি কৰা হৈছে। কাৰৱাৰ ঘাটিত আই এন এছ বিক্রান্ত মোতায়েন কৰা হৈছে। নৌ সেনাই যুঁজাৰু হেলিকপ্টাৰ তথা বিমানক এলার্ট মুডত ৰাখিছে। উল্লেখযোগ্য যে তিনিওটা বাহিনীয়ে চীফ অব ডিফেন্স ষ্টাফৰ নেতৃত্বত যুটীয়াভাৱে কৌশল প্ৰস্তুত কৰি আছে। সেনা বাহিনীক সহায় কৰিছে 'ৰ', নিয়া আৰু আই বিৰ দৰে চোৰাংচোৱা সংস্থাই।
ইফালে সামৰিক সূত্ৰই প্ৰকাশ কৰা মতে, ভাৰতীয় সেনাই পাকিস্তানী সীমান্ত চকীৰ লগতে সীমান্তত থকা বাংকাৰতো আক্ৰমণ কৰিব পাৰে। সূত্ৰসমূহে প্রকাশ কৰা অনুসৰি ভাৰতে পাকিস্তানৰ সৈতে থকা যুদ্ধ-বিৰতি চুক্তি বাতিল কৰিব পাৰে। ভাৰতৰ মতে, পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদ প্ৰতিৰোধ কৰাৰ বাবে দিয়া প্রতিশ্রুতি বাৰম্বাৰ উলংঘা কৰিছে আৰু সেয়েহে এতিয়া দেশখনৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক আৰু সামৰিক পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন হৈছে।