ভাৰতীয় সেনাত গুৰুত্বপূর্ণ সালসলনি

dainik janambhumi April 30, 2025

ডিজিটেল ডেস্ক : পাকিস্তানৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি থকাৰ মাজতে ভাৰতীয় সেনাত গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীক ভাৰতীয় বায়ু সেনাৰ নতুন ভাইচ চীফ হিচাপে নিযুক্ত কৰা হৈছে। তেওঁক আজি অৱসৰ গ্ৰহণ কৰিবলগীয়া এয়াৰ মাৰ্শ্বাল সুজীত পুষ্পাকৰ ধাৰকৰ স্থলাভিষিক্ত কৰা হৈছে। 

ইফালে জম্মু আৰু কাশ্মীৰৰ পশ্চিমৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখা আৰু লাডাখৰ চীন সীমান্তৰ দায়িত্বত থকা সেনাৰ নর্দার্ন কমাণ্ডৰ দায়িত্বত নিযুক্ত কৰা হৈছে লেফটেনেণ্ট জেনেৰেল প্রতীক শৰ্মাক। 

তেওঁ লেফটেনেণ্ট জেনেৰেল এন ভি সুচীন্দ্র কুমাৰৰ স্থান ল'ব। ইফালে সেনাৰ তিনিওটা বাহিনীৰ মাজত সমন্বয় স্থাপনৰ বাবে ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফত (আই ডি এছ) নতুন চীফ অব ষ্টাফ অব্ কমিটী নিযুক্ত কৰা হ'ব। এয়াৰ মার্শাল আশুতোষ দীক্ষিতে ১ মে'ত এই দায়িত্ব গ্রহণ কৰিব।

Share This