স্পেইনত চমক ভাৰতীয় ফুটবলাৰৰ, বিশ্ব চেলেঞ্জ প্রতিযোগিতাৰ ১২ অনূর্ধ্বত চেম্পিয়ন

dainik janambhumi April 09, 2026

ডিজিটেল ডেস্ক : স্পেইনৰ মাটিত ভাৰতৰ অনূর্ধ্ব-১২ বছৰৰ দলে চমক সৃষ্টি কৰিছে। ৰিয়েল মাদ্রিদ ফাউণ্ডেশ্যনৰ ৱৰ্ল্ড চেলেঞ্জৰ চেম্পিয়ন হ'ল ভাৰতীয় অনূর্ধ্ব-১২ বছৰৰ দলটো। ফাইনেলত ভাৰতে ব্রাজিলক ৩-০ গ'লত পৰাস্ত কৰি ইতিহাস গড়ে। ৰিয়েল মাদ্রিদৰ এই প্রতিযোগিতা যুৱ ফুটবলাৰৰ বিশ্ব কাপ হিচাপে পৰিচিত। অনূর্ধ্ব-১০, ১২ আৰু ১৪ বছৰ পৰ্যায়ৰ প্ৰতিযোগিতাত বিভিন্ন দেশৰ দলে অংশগ্ৰহণ কৰে। 

এইবাৰ ৮০টাৰ অধিক দলে ভাগ লৈছিল। ১ হাজাৰৰ বেছি যুৱ ফুটবলাৰক লৈ প্রতিযোগিতা অনুষ্ঠিত হৈছিল ৰিয়েল মাদ্রিদৰ স্প'ৰ্টছ চিটিত। ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াৰ বিভিন্ন দেশৰ দলে অংশ লৈছিল বার্ষিক প্রতিযোগিতাখনত। সেই প্রতিযোগিতাখনতে চেম্পিয়ন হয় ভাৰত। সমগ্র প্রতিযোগিতাখনত ধাৰাবাহিক প্রদর্শন দাঙি ধৰিছিল ভাৰতৰ অনূর্ধ্ব-১২ দলটোৱে। 

চেম্পিয়ন ভাৰতীয় দলটোক ট্রফী তুলি দিয়ে ৰিয়েল আৰু ব্রাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰবাৰ্টো কার্লোছে। প্রতিযোগিতাখনত ভাৰতে স্পেইন, জার্মানি, আমেৰিকা, উৰুগুৱে, মেক্সিকো, মালয়েছিয়া, কানাডা, মৰক্কো আৰু আজাৰবাইজানক হৰুৱাইছিল। ইফালে, ভাৰতৰ অনূর্ধ্ব-১৪ বছৰৰ দলেও ভাল খেলিছিল। ছেমি ফাইনেলত ভাৰতে ইটালিৰ হাতত ২-৩ গ'লত পৰাজিত হয়।

Share This