বাংলাদেশী বজৰংগী ভাইজানৰ সহায়ত ঘৰলৈ উভতিল ভাৰতীয় ৰামদেৱ

dainik janambhumi September 16, 2025

ডিজিটেল ডেস্কঃ ছেপ্টেম্বৰ: অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰাৰ কাৰণে চাঁপাইনবাবগঞ্জ সীমান্তত গ্ৰেপ্তাৰ হৈছিল ভাৰতীয় নাগৰিক ৰামদেৱ মাহাতো (৬০)। পাছত আদালতে তেওঁক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। শাস্তি শেষ হোৱাৰ পাছত চাঁপাইনবাবগঞ্জৰ কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক দেশলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰিছিল। 

কিন্তু তেওঁৰ ৰামদেৱৰ মোকৰ্দমাৰ নথি-পত্ৰত ভাৰতৰ যি ঠিকনা আছিল সেয়া বিচাৰি পোৱা হোৱা নাছিল। সেয়ে ছমাহৰ কাৰাদণ্ডৰ পাছতো তেওঁ ছবছৰ তিনি মাহ কাৰাগাৰতে কটাবলগীয়া হয়। তেওঁ ঘৰলৈ উভতিব পৰা নাছিল। অৱশেষত বাংলাদেশী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী শ্বামছুল হুদাৰ প্ৰচেষ্টাত ভাৰতলৈ উভতিবলৈ সক্ষম হ'ল ৰামদেৱ। ৰামদেৱ মাহাতো হৈছে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ গুদ্ৰা গাঁৱৰ বাসিন্দা। তেওঁ 

২০১৮ চনৰ ৩০ নৱেম্বৰত বাংলাদেশত অনুপ্ৰৱেশ কৰিছিল। উল্লেখযোগ্য যে সামাজিক কাম-কাজৰ অংশ হিচাপে হুদাই বাংলাদেশৰ বিভিন্ন কাৰাগাৰত বন্দী বিদেশীসকলক দেশলৈ প্রেৰণৰ বাবে কাম কৰি আহিছে। এতিয়ালৈকে তেওঁ ৮০ জন বন্দীৰ বাবে কাম আৰম্ভ কৰি বৰ্তমানলৈকে ৫২ জনক নিজৰ দেশলৈ ওভতাই পঠাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ভাৰতলৈ চোৰাংভাৱে প্রেৰণ হোৱা তথা ভাৰতৰ কাৰাগাৰত থকা কিছু নাৰীকো তেওঁ বাংলাদেশলৈ ওভতাই আনিছে। এনে কামৰ বাবেই হুদাই ইতিমধ্যে 'বাংলাদেশৰ বজৰংগী ভাইজান' নামে পৰিচিত হৈছে।

উল্লেখযোগ্য যে বলিউডৰ অভিনেতা চলমান খান অভিনীত 'বজৰংগী ভাইজান'ত চলচ্চিত্ৰখনৰ মূল চৰিত্ৰ বজৰংগী ভাইজানে বহু বাধা অতিক্ৰম কৰি ভাৰতত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এজনী ছোৱালীক পাকিস্তানত গৈ পিতৃ-মাতৃৰ সৈতে লগ কৰাই দিছিল।

Share This