মই ইৰানৰ নিমখ খাইছোঁ! যুদ্ধৰ সময়ত ইৰানক এৰি আহিবলৈ অস্বীকাৰ ভাৰতীয় ছাত্ৰৰ

Rashmi June 26, 2025

ডিজিটেল ডেস্কঃ  ইৰান-ইজৰাইল সংঘাতৰ সময়ত ইৰানত আবদ্ধ হৈ আছে বহু ভাৰতীয় নাগৰিক। ইয়াৰ ভিতৰত ভাৰতৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু তীৰ্থযাত্ৰীসকলো আছে। দুয়োখন দেশৰ মাজত সংঘাতৰ মাজতে ভাৰতে নাগৰিকসকলৰ নিৰাপদে উভতি অহাৰ বাবে অপাৰেশ্যন সিন্ধু আৰম্ভ কৰিছে।

অপাৰেশ্যন সিন্ধুৰ অধীনত এই পৰ্যন্ত প্ৰায় ২,২৬৫ জন লোক ঘৰলৈ উভতি আহিছে। কিন্তু, ইফালে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ এজন ছাত্ৰই ইৰানৰ পৰা উভতি আহিবলৈ অস্বীকাৰ কৰি এতিয়াও ইৰানতে আছে। তেওঁ ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰাৰ পিছত তেওঁলোকৰ পৰিয়াল অতিশয় চিন্তিত হৈ পৰিছে।

ইৰান-ইজৰাইলৰ যুদ্ধৰ সময়ত  ইৰানত আবদ্ধ হৈ থকা মধ্যপ্ৰদেশৰ ভূপালৰ ৩০ বছৰীয়া আব্ৰাৰ আলীয়ে ঘৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে। আব্ৰাৰে কয় যে তেওঁ যোৱা চাৰি বছৰ ধৰি ইৰানতেই বাস কৰি আহিছে আৰু বেয়া সময়ত ইৰান এৰি ঘৰলৈ যাব নোৱাৰে।

আব্ৰাৰৰ মাতৃ শ্বাহনুৰ বেগমে কয়, "মোৰ ল'ৰা আব্ৰাৰ আলী ইৰানত আবদ্ধ হৈ আছে। যোৱা চাৰি বছৰ ধৰি তেওঁ তাত পঢ়ি আছে, কিন্তু এই সংঘাত আৰম্ভ হোৱাৰ পিছত আমি যেতিয়া তেওঁক ঘূৰি আহিবলৈ ক'লোঁ, তেতিয়া তেওঁ কৈছিল যে তেওঁ এতিয়াই ঘূৰি আহিব নিবিচাৰে, এনে যুদ্ধৰ পৰিস্থিতিত ইয়াৰ পৰা গুচি গ'লে ইৰানৰ জনসাধাৰণে তেওঁৰ বিষয়ে কি ভাবিব?'


আব্ৰাৰৰ মাতৃয়ে কয় যে "আব্ৰাৰে কৈছে যে মই ইৰানৰ নিমখ খাইছোঁ।বিপদৰ সময়ত মই দেশখনক এনেকৈ এৰি নাযাওঁ। কিন্তু মই মাতৃ হিচাপে চিন্তিত হৈ পৰিছোঁ। মই তেওঁৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ। আব্ৰাৰে কৈছে যে তেওঁৰ ঠাইখন নিৰাপদ আৰু বিস্ফোৰণস্থলীৰ পৰা বহু দূৰত।" 

আব্ৰাৰে পাঁচ বছৰীয়া পাঠ্যক্ৰম এটা কৰিবলৈ ইৰানলৈ গৈছিল। চাৰিটা বছৰ পঢ়া-শুনা সম্পূৰ্ণ হৈছে আৰু এটাহে বছৰ বাকী আছে। 

আব্ৰাৰ আলীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক জনাইছে বিশেষ আহ্বান। আব্ৰাৰে কয়, "মই ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যে প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বত যথেষ্ট প্ৰভাৱ আছে। তেওঁ সমগ্ৰ বিশ্বতে বিখ্যাত। এনে পৰিস্থিতিত যদি তেওঁ বিচাৰে তেন্তে এই যুদ্ধ বন্ধ কৰিব পাৰে। সেয়েহে মই প্ৰধানমন্ত্ৰী মোদীক যিকোনো উপায়েৰে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ।"

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This