গোপনে অনুশীলন ভাৰতীয় দলৰ

dainik janambhumi June 28, 2025

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ হাতত প্রথম টেষ্টত পৰাজিত হোৱাৰ পাছত যশপ্রীত বুমৰাহক জিৰণি দিব পাৰে ভাৰতে। দলীয় মেনেজমেন্টে নির্দিষ্টকৈ কোনো কথা প্রকাশ নকৰালৈ চাই জল্পনাৰ সৃষ্টি হৈছে। অনুশীলনত বুমৰাহৰ অনুপস্থিতিক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বৃদ্ধি কৰিছে। শুকুৰবাৰে দলৰ সকলোৱে অনুশীলনত ব্যস্ত হ'লেও বিশ্রাম লৈছে বেগী বলাৰগৰাকীয়ে শুকুৰবাৰে ভাৰতীয় দলে গোপনে অনুশীলন চলায়। ইংলিছ বাহিনীৰ বিৰুদ্ধে বুমৰাহে ৫খন টেষ্ট নেখেলে বুলি আগতীয়াকৈ প্ৰচাৰ হৈছিল। 

ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুমৰাহে তিনিখন টেষ্টতহে খেলাৰ কথা। বুমৰাহে কোন তিনিখন টেষ্টত খেলিব সেয়া ভাৰতীয় শিবিৰৰ পৰা জনোৱা হোৱা নাই। ভাৰতৰ অন্যতম তেওঁ নেখেলিব পাৰে। ইফালে, মহম্মদ ছিৰাজৰ সৈতে অর্শদীপক বলিং কৰা দেখা পোৱা গৈছে। বুমৰাহ কিয় অনুশীলনৰ পৰা আঁতৰি আছে সেয়া নির্দিষ্টকৈ জনোৱা হোৱা নাই। বুমৰাহ অনুপস্থিত থাকিলেও প্রশিক্ষক গৌতম গম্ভীৰ বাকী সদস্যসকলক লৈ অনুশীলনত ব্যস্ত আছে। 

প্রথম টেষ্ট সমাপ্ত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথম অনুশীলন আৰম্ভ কৰে ভাৰতে। কৌশল গোপনে ৰাখিবলৈ শুকুৰবাৰে ৰুদ্ধদ্বাৰ অনুশীলন চলায় ভাৰতীয় দলে। ভাৰতৰ অনুশীলন চাবলৈ কাকো অনুমতি দিয়া হোৱা নাছিল। আনকি সংবাদ মাধ্যমকো অনুশীলনস্থলীত প্ৰৱেশত বাধা দিয়া হয়। শনিবাৰেও এনেদৰেই অনুশীলন চলোৱাৰ পৰিকল্পনা কৰিছে প্রশিক্ষক গম্ভীৰে। প্ৰথম টেষ্টৰ আগেয়েও গোপনে অনুশীলন কৰিছিল শুভমন গাঁল বাহিনীয়ে। দীর্ঘ সময়জুৰি অৰ্শদীপ সিঙে অনুশীলন কৰে।

Share This