এছিয়ান গেমছলৈ ভাৰতীয় মহিলা দল ঘোষণা, নেতৃত্বৰ দায়িত্বত হৰমনপ্ৰীত

dainik janambhumi July 01, 2026

ডিজিটেল ডেস্ক : টি-২০ বিশ্বকাপৰ পৰা বিদায় লোৱাৰ পাছতেই প্রশ্ন উঠিছিল যে হৰমনপ্রীত কৌৰৰ কান্ধতেই অধিনায়কৰ দায়িত্ব বাহাল ৰাখিব নেকি ভাৰতীয় ক্রিকেট ব'র্ডে। সেই প্রশ্নৰ উত্তৰ দিলে বি চি চি আয়ে। হৰমনপ্ৰীতৰ ওপৰতে ভৰষা ৰাখিলে ব'র্ডে। টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ দুদিনৰ মূৰত এছিয়ান গেমছলৈ ভাৰতৰ ১৫জনীয়া দল ঘোষণা কৰে ব'র্ডে। 

টি-২০ বিশ্বকাপত ভাগ লোৱা দলটোত মাথোঁ এটা সালসলনি ঘটোৱা হৈছে। যাস্তিকা ভাটিয়াৰ সলনি দলত অন্তর্ভুক্ত কৰা হৈছে জি কমলিনীক। অৰ্থাৎ ব'র্ডে দ্বিতীয় উইকেটকীপাৰ সলনি কৰিছে। তেওঁৰ স্থানত প্রেমা ৰাৱটক স্থান দিয়া হৈছে। ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত এই বাৰ এছিয়ান গেমছ অনুষ্ঠিত হ'ব। 

প্রতিযোগিতাখনত মহিলাৰ লগতে ভাৰতৰ পুৰুষ দলেও ভাগ ল'ব। ইতিমধ্যেই ভাৰতৰ পুৰুষ দলটো ঘোষণা কৰা হৈছে। এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় মহিলা দলটো , হৰমনপ্রীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহঃ অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমা ৰড্রিগুৱেজ, ভাৰতী ফুলমালি, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কমলিনী (উইকেটকীপাৰ), দীপ্তি শৰ্মা, শ্রীচাৰানী, ৰাধা যাদৱ, শ্রেয়াংকা পাটিল, ৰেণুকা সিং ঠাকুৰ, নন্দিনী শৰ্মা, ক্ৰান্তি গৌড় আৰু অৰুন্ধতী ৰেড্ডী।

Share This