ইণ্ডিগ'ৰ বিমানৰ অচলাৱস্থা, অসমৰ পৰা দুখন বিশেষ ৰে'লৰ ব্যৱস্থা

dainik janambhumi December 08, 2025

ডিজিটেল ডেস্ক: ইণ্ডিগ' বিমানৰ যাতায়াত বাতিলৰ বাবে দেশত দেখা দিয়া যাত্রা সন্দৰ্ভত অভাৱনীয় পৰিস্থিতিৰ বাবে উত্তৰ-পূব ৰে'লৱে (এন এফ আৰ) বিশেষ ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এন এফ আৰৰ মুখ্য মুখপাত্রই এই কথা জনায়।

এন এফ আৰৰ চি পি আৰ অ' কপিঞ্জল শর্মাই কয় যে বিভিন্ন ৰে'লত বিভিন্ন শ্ৰেণীৰ অতিৰিক্ত দবাও সংযোগ কৰা হৈছে। তেওঁ কয়, 'ইণ্ডিগ'ৰ বিমান বাতিলৰ পৰিপ্ৰেক্ষিতত এন এফ আৰে এই পদক্ষেপ গ্রহণ কৰিছে।' তেওঁ জনায় যে সোমবাৰে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী আৰু গুৱাহাটীৰ পৰা হাওৰালৈ দুখন বিশেষ ৰে'ল চলোৱা হ'ব। তেওঁ আৰু কয়, 'ইয়াৰ উপৰি যাত্ৰীৰ ভিৰ হ্ৰাস কৰিবলৈ ১৮খন পৃথক পৃথক ৰে'লত ২০টা অতিৰিক্ত দবা সংলগ্ন কৰা হ'ব।

 উল্লেখযোগ্য যে ইণ্ডিগ'ৰ বিমান বাতিলৰ বাবে ভাৰতীয় ৰে'ল বিভাগে সমগ্র দেশজুৰি ৮৯খন বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰিছে। শনিবাৰে আৰম্ভ কৰা এই ব্যৱস্থা থাকিব তিনি দিন। এই সময়ছোৱাত উক্ত ৰে'লসমূহে ৰে'লৰ বিভিন্ন মণ্ডলত শতাধিক খেপ বা ট্ৰিপ সম্পূর্ণ কৰিব।

Share This