MENU

ইণ্ডোনেছিয়াৰ জাভাদ্বীপত আকস্মিক বান l ১৭জনৰ মৃত্যু, ৮ জন সন্ধানহীন 

Kakali Deka January 22, 2025

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাভাদ্বীপত পাহাৰীয়া গাঁওসমূহত অহা আকস্মিক বানে কমেও ১৭জন লোকক উটুৱাই নিয়ে আৰু গাঁওসমূহ বোকা আৰু শিলেৰে পুতি পেলায়৷ দেশখনৰ চৰকাৰী কতৃৰ্পক্ষই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি এই আকস্মিক বানত এতিয়াও ৮জন লোক সন্ধানহীন হৈ আছে৷

সোমবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীবোৰৰ পাৰ উপচি পৰে আৰু নদীৰ পানীয়ে মধ্য জাভা প্ৰদেশৰ পেকালংগান অঞ্চলৰ নখন গাঁও বুৰাই পেলায়৷ স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী বাৰ্গাছ কাটুৰছাছিয়ে প্ৰকাশ কৰা অনুসৰি, নদীৰ বাঢ়নী পানীয়ে পাহাৰৰ দাঁতি-কাষৰীয়া ক্ষুদ্ৰ গাঁওবোৰ বোকা, শিল আদিৰে পুতি পেলায়৷ তেওঁ কয় যে আকস্মিক বানত বেয়াকৈ আক্ৰান্ত পেটুং ক্ৰিয়ন গাঁৱত মঙলবাৰে কমেও ১৭টা মৃতদেহ উদ্ধাৰ কৰা হয়৷

ইফালে, সন্ধানহীন হৈ থকা আঠজন লোকৰ সন্ধানত উদ্ধাৰকাৰীসকলে অভিযান আৰম্ভ কৰিছে৷ আনহাতে, গুৰুতৰভাৱে আহত ১১জন লোকক চিকিৎসাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষী, সেনা আৰু উদ্ধাৰকাৰী কৰ্মীসকলক উদ্ধাৰকাৰ্যত নিয়োজিত কৰা হৈছে৷ আকস্মিক বানৰ বাবে উদ্ভৱ হোৱা ভূমিস্খলনেও বহু গাঁৱত দুৰ্যোগৰ সৃষ্টি কৰিছে৷

Share This