ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ; তিনিজনৰ মৃত্যু

Rashmi November 04, 2025

ডিজিটেল ডেস্কঃ ইন্দোৰ জিলাৰ মহৌত কালি নিশা এখন যাত্ৰীবাহী বাছ খাৱৈত পৰাৰ ফলত তিনি যাত্ৰীৰ কৰুণ মৃত্যু হয়। 

মুখ্যমন্ত্ৰী মোহন ভাগৱতে শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। ভেৰেঘাটত সংঘটিত হোৱা এই দুৰ্ঘটনাটো বাছখনে এখন গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত দুয়োখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি যায়।

ওমকাৰেশ্বৰৰ পৰা ইন্দোৰ অভিমুখী এখন বাছ গাড়ীৰ সৈতে খুন্দা মৰাৰ ফলত খাৱৈত বাগৰি পৰে।

খবৰ অনুসৰি যাত্ৰীবাহী বাছ আৰু গাড়ীৰ মাজত সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহন খাৱৈত বাগৰি পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু প্ৰশাসন ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় ৪০ জন যাত্ৰীৰে ওমকাৰেশ্বৰৰ পৰা ইন্দোৰলৈ গৈ থকা যাত্ৰীবাহী বাছখনৰ খিৰিকী ভাঙি কৰ্তৃপক্ষই নিৰাপদে যাত্ৰীসকলক উলিয়াই আনে।


দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছখনৰ আহত যাত্ৰীসকলক এম্বুলেন্স আৰু অন্যান্য বাহন ব্যৱহাৰ কৰি চিকিৎসাৰ বাবে ইন্দোৰৰ এম ৱাই হস্পিটেল আৰু  অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। খবৰ অনুসৰি গভীৰ খাৱৈত পৰা বাছ আৰু গাড়ীখনৰ উদ্ধাৰ অভিযান ক্ৰেনৰ সহায়ত গভীৰ নিশালৈকে অব্যাহত থাকে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This