বিজেপিত বাঢ়িছে অন্তৰ্কন্দলঃ তিতাবৰত মুখ থেকেচা খোৱাৰ পিছত এইবাৰ লখিমপুৰ বিজেপিত  খহনীয়া! কাঠ পুতলাত পৰিণত বহু মন্ত্ৰী-বিধায়ক-নেতা!

Jyoti Borah August 28, 2023

ডিজিটেল ডেস্কঃ সপোন দেখুওৱা হৈছিল এখন সুন্দৰ আৰু নিকা অসমৰ,তামোল এখনো নোখোৱাকৈ নিৱনুৱাক চাকৰি দিয়াৰ। কিন্তু নিবনৱাৰ তেজ শুহি নিজৰ তহবিল মজবুত কৰা বিজেপিৰ জাকে জাকে নেতা এতিয়া আৰক্ষীৰ জালত পৰিয়েই আছে। কি মহিলা নেত্ৰী, কি পুৰুষ কোনেও যেন বাদ দিয়া নাই নিবনুৱাক শোষণ কৰিবলৈ। ইয়াৰ মাজতে বিজেপিৰ অন্দৰ মহলত গা কৰি উঠিছে তীব্ৰ বিসম্বাদে। ন-পুৰণি বিজেপিৰ সংঘাত এতিয়া তুংগত। অভিযোগ অনুসৰি বিজেপিত এতিয়া আভ্যন্তৰীণ গণতন্ত্ৰৰ সংকটে দেখা দিছে। মাত্ৰ আঙুলিৰ মূৰত লেখিব পৰা কেইজনমান মন্ত্ৰীয়েহে যেন এতিয়া বিজেপিত দপদপাই আছে। আন মন্ত্ৰী -বিধায়কসকল নিমিত্তহে মাত্ৰ। কিবা এটা ক’ব লাগিলেও সেই বিশেষ মন্ত্ৰী কেইজনহে ক’ব লাগিব। বহু বিধায়কে নিজৰ এনে অসহায় অৱস্থাৰ কথা ৰাজহুৱাকৈ প্ৰকাশো কৰিছে। বিজেপিৰ বহু নেতাই চূড়ান্ত অসৌজন্যতাৰ পৰিচয় দি দলৰেই প্ৰাক্তন ৰাজ্যিক সভাপতি এগৰাকীক বাজপেয়ী ভৱনৰ পৰা গতিয়াই উলিয়াই দিয়াৰ কথা ক’ব পৰা হৈছে। একাংশ নেতা-পালিনেতাৰ এনে উদ্ধতালি, কেলেংকাৰিয়ে  নিঃসন্দেহে ক্ষতিগ্ৰস্ত কৰিছে অসমৰ জনতাই পৰম আশাৰে শাসনত বহুওৱা দলটোক। শেহতীয়াকৈ তিতাবৰ পৌৰসভা বিজেপিৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ গৈছে। বিজেপিৰেই বিষয়ববীয়াই  কংগ্ৰেছত যোগদান কৰাত তিতাবৰ পৌৰসভা বিজেপিৰ দখলৰ পৰা কংগ্ৰেছৰ হাতলৈ গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিজেপিৰ ভিতৰ চ’ৰাত ভিতৰি জ্বলি ক্ষোভ আৰু বিসম্বাদৰ জুই। তাৰ বহিঃ প্ৰকাশ দেখা গ’ল লখিমপুৰতো। 


লখিমপুৰত ন বিজেপিৰ ব্যৱহাৰক লৈ প্ৰবীণ বিজেপিয়ে ক্ষোভ উজাৰি দিছে। ফলত  আভ্যন্তৰীণ সংঘাতে জোকাৰণি  তুলিছে এতিয়া লখিমপুৰ বিজেপিক। ইয়াৰ পৰিণতিতে লখিমপুৰ বিজেপিত এতিয়া দল ত্যাগৰ ধুম উঠিছে। বহু  জ্যেষ্ঠ  বিজেপি কৰ্মীৰয়ে দল ত্যাগ কৰিছে।  শেহতীয়াকৈ লখিমপুৰ বিজেপিৰ   ন গৰাকী প্ৰবীণ কৰ্মীয়ে  ৰাজ্যিক নেতৃত্বলৈ  পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এনেকৈয়ে এতিয়া ন- পুৰণি বিজেপি কৰ্মীৰ সংঘাতত বিধস্ত হোৱাৰ উপক্ৰম ঘটিছে শাসনাধীন বিজেপি  দলটো। লখিমপুৰত দল ত্যাগ কৰিলে ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ সভাপতিৰ দায়িত্বত থকা কুশ শৰ্মা, জিলা বিজেপিৰ   প্ৰাক্তন উপ সভাপতি নাৰায়ণ বৰুৱা, এসময়ৰ  পানীগাওঁ পঞ্চায়তৰ সভাপতি  ধীৰেন ভূঞা, তদানীন্তন মাজুলী যুৱ মৰ্চাৰ প্ৰাক্তন সম্পাদক কুশল হাজৰিকা, জিলা বিজেপিৰ প্ৰাক্তন  সম্পাদক  নিত্যানন্দ মিলি, প্ৰাক্তন জিলা সম্পাদক  জ্যোতি বৰগোহাঞিকে ধৰি মুঠ ৯ জন জ্যেষ্ঠ কৰ্মীয়ে। তেওঁলোকৰ অভিযোগ এটাই -জ্যেষ্ঠ কৰ্মী সকলক দলটোৱে  গুৰুত্ব নিদিয়ে । পতদ্যাগ কৰা নেতাসকলৰ মতে দলটোত এতিয়া চলিছে স্বৈৰাচাৰী শাসন ।তেওঁলোকে কয় যে বিজেপি দলটোৰ আজিৰ নেতা কৰ্মী সকলে বুজি নাপায় দল জন্মৰ প্ৰসৱ বেদনা। একেদৰে চৰকাৰৰ বৰ্তমানৰ কাম কাজতো  অতিষ্ঠ এইসকল পদত্যাগী জেষ্ঠ বিজেপি নেতা।

Share This