ডিজিটেল ডেস্ক: আমেৰিকাই ইৰানত কৰা আক্ৰমণৰ ফলত যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা হৰমুজ প্রণালীয়ে জাহাজৰ চলাচল বন্ধ হৈ পৰাৰ ফলত বিশ্বৰ অৰ্থনীতি ১৯৭৩ চনৰ দৰেই বিধ্বস্ত হৈ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত বিশ্বৰ অৰ্থনীতিত ধুমুহাৰ সৃষ্টি হ'ব আৰু ইয়াৰ পৰা সৰু-বৰ বিভিন্ন অর্থনীতি হাত সাৰি নাযাব। এটা টেলিভিছন চেনেলৰ এখন প্রতিবেদনত এই কথা কোৱা হৈছে।
উল্লেখযোগ্য যে ১৯৭৩ চনৰ তেল সংকটে বিশ্বৰ অর্থনীতি বিধ্বস্ত কৰি পেলাইছিল। ইয়াৰ পাছত বিশ্বৰ অৰ্থনীতি স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ বাবে ৭-৮ বছৰৰ প্ৰয়োজন হৈছিল আৰু প্রায় ৭ বছৰ মুদ্রাস্ফীতিয়ে বিশ্ববাসীৰ বাবে বৃহৎ প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল। ১৯৭৩ চনত এই সংকটৰ সৃষ্টি কৰিছিল য়াম কিপুৰ যুদ্ধত ইজৰাইলক সমর্থন কৰা দেশবোৰৰ বিৰুদ্ধে তেল উৎপাদন কৰা দেশবোৰৰ সংগঠন 'অপেক'ৰ মধ্য প্রাচ্যৰ সদস্যদেশসমূহে নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ ফলত খাৰুৱা তেলৰ দাম ৩০০% বৃদ্ধি পাইছিল। এতিয়া হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত প্রায় একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হৰমুজ প্রণালী বন্ধ হৈ থকাটো সমগ্ৰ বিশ্বৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰিছে।
উল্লেখযোগ্য যে এই সামুদ্রিক পথেৰে বিশ্বৰ প্ৰায় ২০% বেপাৰ বাণিজ্য চলে। এই পথেৰে বিশ্বৰ ৩৪% খাৰুৱা তেল, ২৯% এল এন জি, ১৯% পেট্রলজাত সামগ্রী, ১৩% সাৰকে ধৰি ৰাসায়নিক দ্রব্য আৰু ১০% এলুমিনিয়াম সৰবৰাহ হয়। এই পথ বন্ধ হৈ থকাৰ প্রভাব কেৱল খাৰুৱা তেলতে সীমিত হৈ থকা নাই। সমগ্র বিশ্বৰ যোগান শৃংখলাতো পৰিছে। বিশ্ব বেংকৰ মতে, এই সামুদ্রিক পথেৰে প্রতি দিনে ২ কোটি বেৰল খাৰুৱা তেলৰ সৰবৰাহ হয়। আন পথেৰে ১.৫ কোটি বেৰল সৰবৰাহ হ'লেও প্রতিদিনে ৪৬ লাখ বেৰল খাৰুৱা তেলৰ যোগানত প্রভাৱ পৰিছে। ইয়াৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পাইছে। ইতিমধ্যে ব্রেন্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১২৬ ডলাৰৰ অধিক হৈছে। খাৰুৱা তেলৰ দাম বৃদ্ধিৰ ফলত পেট্রল আৰু ডিজেলৰ দামো বৃদ্ধি পাব। ইয়াৰ লগে লগে মুদ্রাস্ফীতিও বৃদ্ধি পাইছে। ইয়াৰ লগতে সাৰৰ যোগান হ্রাস পোৱাৰ ফলত খাদ্য সংকটৰ সৃষ্টি হোৱাৰো আশংকা কৰা হৈছে। দৰিদ্ৰ আৰু উন্নয়নশীল দেশবোৰত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি কোৱা হৈছে প্রতিবেদনখনত।
ইফালে কুৱেটৰ পৰা খাৰুৱা তেলৰ ৰপ্তানি বন্ধ হৈ পৰাটোৱে আন এক সমস্যাৰ সৃষ্টি কৰিছে। টেংকাৰ ট্ৰেকাৰ্ছৰ মতে, যোৱা মাহত কুৱেইটৰ পৰা বিশ্বৰ বজাৰলৈ যোৱা খাৰুৱা তেলৰ যোগান সম্পূর্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে হৰমুজ প্রণালী বন্ধ হৈ পৰাটো। প্রায় ৩৫ বছৰৰ পাছত কুৱেইটৰ পৰা খাৰুৱা তেলৰ যোগান কোনো এটা মাহত সম্পূর্ণৰূপে বন্ধ হৈ পৰে।